অসমৰ এগৰাকী প্ৰথিতযশা ভাষাবিদ-পণ্ডিত, বিশিষ্ট সাহিত্যিক, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত প্ৰাধ্যাপক, অসম সাহিত্য সভাৰ আজীৱন সভ্য, দেৰগাঁও সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক ড° নগেন ঠাকুৰৰ বিয়োগত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ে গভীৰ শোক প্ৰকাশ কৰিছে৷ (Dr Nagen Thakur)
পালি প্ৰাকৃত অপভ্ৰংশ আৰু অসমীয়া ভাষা, ভাৰতীয় ভাষাৰ পৰিচয়, পৃথিৱীৰ বিভিন্ন ভাষা, ভাষা আৰু ভাষা চিন্তা, প্ৰখ্যাত ৰুছ ঔপন্যাসিক ছলকভৰ ‘And Quit Flows The Don’ গ্ৰন্থৰ অসমীয়া অনুবাদ আদিৰে অসমীয়া সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰা এইগৰাকী বহুমুখী প্ৰতিভাধৰ ব্যক্তিক তেখেতৰ বহুমূলীয়া অৱদানৰ বাবে ছোভিয়েট দেশ নেহৰু বঁটা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ শ্ৰেষ্ঠ স্নাতকোত্তৰৰূপে ‘ৰবীন্দ্ৰ পৰিষদ পুৰস্কাৰ’ আৰু ‘মহাৰজত জয়ন্তী ভাষা বঁটা’, দেৰগাঁও সাহিত্য সভাৰ ‘জ্ঞানপীঠ বঁটাপ্ৰাপক নীলমণি ফুকন সাহিত্য বঁটা’, অসমীয়া সাহিত্য সন্মিলনীৰ ‘শৰৎ চন্দ্ৰ গোস্বামী ভাষা সাধনা বঁটা’ আদিৰে সন্মানিত কৰা হৈছিল ৷
অসম সাহিত্য সভাৰ সভাপতি ড°বসন্তকুমাৰ গোস্বামীৰ উপস্থিতিত সভাৰ কেন্দ্ৰীয় কাৰ্যালয় চন্দ্ৰকান্ত সন্দিকৈ ভৱনত অনুষ্ঠিত শোকসভাত ড°গোস্বামীয়ে সাহিত্যিকগৰাকীৰ বিয়োগ অসমৰ শৈক্ষিক আৰু সাহিত্য জগতৰ বাবে অপূৰণীয় ক্ষতি বুলি শোকেৰে ব্যক্ত কৰে ৷ অসম সাহিত্য সভাৰ প্ৰচাৰ আহ্বায়ক শংকুসিদ্ধ নাথে এক সংবাদ বাৰ্তাৰ জৰিয়তে জানিবলৈ দিয়া অনুসৰি কেন্দ্ৰীয় কাৰ্যালয়ৰ সম্পাদক ড°জ্যোতিৰেখা হাজৰিকাই আঁত ধৰা আৰু সভাৰ ধনভঁৰালী মণিৰাম লাহন প্ৰমুখ্যে সভাৰ সমূহ কৰ্মচাৰী উপস্থিত থকা সভাখনত এক শোকপ্ৰস্তাৱ গ্ৰহণ কৰাৰ লগতে বিদেহ আত্মাৰ সদগতি প্ৰাৰ্থনাৰে এক মিনিট মৌনতা অৱলম্বন কৰা হয় ৷ বিশিষ্ট সাহিত্যিকগৰাকীৰ সন্মানাৰ্থে সভাৰ পতাকা দিনটোৰ বাবে অৰ্ধনমিত কৰা হয় ৷।

