শুৱালকুছি সাংবাদিক সন্হাৰ প্ৰতিষ্ঠা দিৱস আৰু গান্ধী স্মৃতি ৰোমন্থন সভাত ড°নিহাৰ ৰঞ্জন কলিতা…

শুৱালকুছি সাংবাদিক সন্হাৰ প্ৰতিষ্ঠা দিৱস আৰু গান্ধী স্মৃতি ৰোমন্থন সভাত ড°নিহাৰ ৰঞ্জন কলিতা

মানৱতাৰ বিকাশ ৰূপায়ণে মহাত্মা গান্ধীৰ প্ৰকৃত উদ্দেশ্য আছিল

গান্ধীজীৰ আদৰ্শত অনুপ্ৰাণিত হবলৈ যুৱ প্ৰজন্মক আহ্বান- দীনেশ বৈশ্য
—————————————————————————

দেশৰ স্বাধীনতা আন্দোলনৰ গুৰি ধৰোতা মহামানৱ মহাত্মা গান্ধীৰ চিন্তা – চেতনা, কৰ্ম – আদৰ্শ দেশবাসীয়ে হাড়ে হিমজুৱে উপলব্ধ কৰিব লাগিব ৷ তেওঁ অহিংসাৰ পূজাৰী আৰু মানৱতাবাদী আছিল ৷ মানৱতাৰ বিকাশ ৰূপায়ণ আছিল গান্ধীজীৰ মুখ্য উদ্দেশ্য। তেওঁ মানৱতাবাদী চিন্তাৰে সকলোকে স্ব-নিৰ্ভৰশীল হবলৈ আহ্বান জনাইছিল ৷ এই মন্তব্য শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড°নিহাৰ ৰঞ্জন কলিতাৰ ৷ আজি শুৱালকুছি সাংবাদিক সন্হাৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজন কৰা গান্ধী স্মতি ৰোমন্থন সভা উদ্বোধন কৰি অধ্যক্ষ গৰাকীয়ে পুনৰ কয় যে গান্ধীজী অসমলৈ চাৰিবাৰ আহিছিল ৷ তেওঁ শেষৰবাৰ অসম ভ্ৰমণলৈ আহোতে অৰ্থাৎ ১৯৪৬ চনৰ ৯ জানুৱাৰীত শুৱালকুছিৰ পবিত্ৰভূমি পদাৰ্পণ কৰি শুৱালকুছিবাসীক ধন্য কৰিছিল আৰু শুৱালকুছিৰ বস্ৰশিল্পক মাত্ৰা প্ৰদান কৰি গৈছে ৷ আজি ৭৭ বৰ্ষ পূৰ্ণ হোৱাৰ উপলক্ষে সেইদিনটোৰ সোৱৰণি সভা অনুস্হিত কৰাৰ বাবে তেওঁ উদ্যোক্তা সকলক ধন্যবাদ জনাই প্ৰতি বছৰে এনে অনুস্হান অনুস্হিত কৰাৰ আহ্বান জনায় ৷

শুৱালকুছি মহাবিদ্যালয়ৰ তৰফৰ পৰা শুৱালকুছি গান্ধী আশ্ৰমখন সুন্দৰকৈ ৰখাৰো এক প্ৰস্তাৱ সভাত তেওঁ ৰাজহুৱা কৰে ৷ শুৱালকুছি সাংবাদিক সন্হাৰ সভাপতি দিলীপ মেধিৰ সভাপতিত্বত গান্ধী আশ্ৰমৰ মুকলি মঞ্চত অনুস্হিত সভাত আদৰণি ভাষণ প্ৰদান কৰে সন্হাৰ সম্পাদক হেমেন বৈশ্যই ৷ সভাত গান্ধীজী শুৱালকুছিলৈ অহা সময়ত সান্নিধ্য লাভকৰা শুৱালকুছিৰ বয়োজ্যেষ্ঠ নাগৰিক দীনেশ চন্দ্ৰ বৈশ্য, চুৰেন দাস, হৰ কুমাৰ দাস আদিয়ে গান্ধীজী শুৱালকুছিলৈ অহা দিনটোৰ মধুৰ স্মৃতি ৰোমন্থন কৰি উঠিঅহা যুৱ প্ৰজন্মক বাৰুকৈয়ে আকৰ্ষিত কৰে ৷ সেই দিনটোত গান্ধীজী অহাৰ সময়ত কেনেকুৱা অৱস্হা হৈছিল আৰু কি কি কাৰ্যসূচীত তেওঁ ভাগ লৈছিল আদি সকলো দিশৰ কথা তেওঁলোকে সভাত অৱগত কৰি নষ্টালজিয়া হৈ পৰে ৷ জ্যেষ্ঠ নাগৰিক দীনেশ চন্দ্ৰ বৈশ্যই যুৱ প্ৰজন্মক মহাত্মা গান্ধীৰ আদৰ্শত অনুপ্ৰাণিত হবলৈ আহ্বান জনায় ৷ সভাত বংশৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী অধ্যক্ষ কনক দাসে গান্ধীজীৰ শুৱালকুছি পদাৰ্পণৰ স্মৃতি জাউতি যুগীয়া কৰাৰ বাবে শুৱালকুছিবাসীক আহ্বান জনায় ৷ তেওঁ যি সকল ব্যক্তিৰ প্ৰচেস্টাত গান্ধীজীয়ে শুৱালকুছিলৈ আহিল সেইসকলৰ বিষয়ে উল্লেখ কৰি এখন গ্ৰন্থ প্ৰকাশ কৰাত গুৰুত্ব প্ৰদান কৰে ৷ এই ক্ষেত্ৰত শুৱালকুছি সাংবাদিক সন্হাক দ্বায়িত্ব লবলৈ তেওঁ কয় ৷ সভাত শুৱালকুছি জ্যোতি সাহিত্য সভাৰ সভাপতি ৰণজিৎ কুমাৰ মহন্তই গান্ধীজীৰ নীতি, আদৰ্শ, আৰু মহানুভৱতাৰ ওপৰত এক তত্ত্ব গধূৰ বক্তব্য।

আগবঢ়ায় ৷ সভাত ছাত্ৰী খুচী কলিতা, বিদিশা বৈশ্য, হূদিষা কলিতা আৰু মেঘনা দাসে গান্ধীজীৰ জীৱন বৃতান্ত সম্পৰ্কে কিছু বক্তব্য আগবঢ়ায় ৷ শুৱালকুছি গণেশ দাস হাইস্কুলৰ অৱসৰী প্ৰধান শিক্ষক যোগেন্দ্ৰ ভৰালীয়ে তেওঁৰ ভাষণত গান্ধীজীৰ শুৱালকুছি ভ্ৰমণ সন্দৰ্ভত বিস্তৃত ভাৱে উল্লেখ কৰি গান্ধীজীয়ে আগবঢ়োৱা ধনৰে শুৱালকুছিৰ চিকিৎসালয় স্হাপন হোৱাৰ কথা দোহাৰে ৷ তেওঁ শুৱালকুছিৰ তাতশিল্প সন্দৰ্ভতো কিছু কথা সভাত অৱগত কৰে ৷ শিল্পী কস্তুৰী মেধিয়ে এটি সুন্দৰ বড়গীত পৰিৱেশন কৰি উপস্থিত সকলোকে মুগ্ধ কৰে ৷ সভাত শলাগৰ শৰাই আগবঢ়াই সন্হাৰ উপ সভাপতি ৰত্ন কুমাৰ দাসে। ইয়াৰ পূৰ্বে পুৱা শুৱালকুছি সাংবাদিক সন্হাৰ প্ৰতিষ্ঠা দিৱসৰ পতাকা উত্তোলন কৰে সভাপতি দিলীপ মেধিয়ে ৷ বন্তি প্ৰজ্বলন কৰে ৰাস উদযাপন সমিতিৰ সম্পাদক বিৰেশ্বৰ দাসে আৰু গান্ধীজীৰ প্ৰতিচ্ছবিত মাল্যৰ্পন কৰে আছুৰ সাংগঠনিক সম্পাদক পংকজ কলিতাই ৷

Related Articles