এটা চৰ্চিত নাম ড০ পৰিধি শৰ্মা। যোৱা ছয় বছৰে বাতৰি কাকত,(Dr paridhi sharma) সামাজিক মাধ্যমত লিখি আহিছে ড০ পৰিধি শৰ্মাই। বহু পাঠকৰ প্ৰিয় লেখিকা ড০ পৰিধি শৰ্মা। তেওঁৰ লেখাই মানুক আপ্লুত কৰিছিল। বহু ডাঙৰ ডাঙৰ মানুহৰ সৈতে তেওঁৰ কথা-বতৰা হৈছিল, কাৰণ আছিল তেওঁ লেখাই মানুহৰ হৃদয় চুইছিল। প্ৰশ্ন হৈছিল, কোন হয় ড০ পৰিধি শৰ্মা; যিগৰাকী নাগীয়ে ইমান ধুনীয়াকৈ লিখিব পাৰে। ড০ পৰিধি শৰ্মাই মানুহক তেওঁৰ পৰিচয় দিছিল দিল্লী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞানৰ সহকাৰী অধ্যাপিকা বুলি। সকলো ঠিকেই আছিল।
সকলোকে ড০ পৰিধি শৰ্মা বুলি চিনাকী দিয়া তথা ছদ্মনামেৰে লিখি অহা ড০ পৰিধি শৰ্মাৰ পৰিচয় ফাদিল হ’ল। সকলো ফাদিল কৰিলে অভিযোগকাৰী পলাশ ৰঞ্জন বৰুৱা নামৰ এগৰাকী ব্যক্তিয়ে। কেৱল ড০ পৰিধি শৰ্মাই নহয় আৰু দুটা নাম ব্যৱহাৰ কৰিছিল ড০ পৰিধি শৰ্মাই। সেই নাম কেইটা হ’ল ড০ ৰঞ্জিতা সামানাতেৰা আৰু ড০ পৰিস্মিতা ভৰদ্বাজ।
কিন্তু সকলোকে আচৰিত কৰি চিআইডি তদন্তই পোহৰলৈ আনিলে ড০ পৰিধি শৰ্মাৰ প্ৰকৃত পৰিচয়। আচলতে ড০ পৰিধি শৰ্মা হ’ল এজন পুৰুষ। শিৱসাগৰ জিলাৰ গৌৰীসাগৰ থানা এলেকাৰ ভৰলুৱা গাওঁৰ বুদ্ধ শইকীয়াৰ পুত্ৰ ধ্ৰুৱজ্যোতি শইকীয়া ড০ পৰিধি শৰ্মা। ইমান দিনে নাৰীৰ কণ্ঠত কথা পাতি পৰিধি শৰ্মা নামেৰে পৰিচয় দি আহিছিল মানুহক। তেওঁ যি দুটা ফোন নম্বৰে দি মানুহৰ লগত কথা পাতিছিল সেই দুটা নম্বৰ এটা ভায়েক ভাস্কৰজ্যোতি শইকীয়াৰ নামত আছে আৰু এটা পিতৃ বুদ্ধ শইকীয়াৰ নামত আছে!
ড০ পৰিধি শৰ্মা ওৰফে ধ্ৰুৱজ্যোতি শইকীয়া দিল্লী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞানৰ অধ্যাপক নহয় অসমতেই আছিল পৰিধি শৰ্মাৰ আঁৰৰ ব্যক্তি।
অৱশেষত CIDৰ তদন্তত পোহৰলৈ আহিল সমস্ত প্ৰৱঞ্চনাৰ ঘটনা। এতিয়া লক্ষণীয় বিষয় যে এই ঘটনাক লৈ বৌদ্ধিক জগতে কি ক’ব বা প্ৰশাসনে কেনে ব্যৱস্থা গ্ৰহণ কৰিব !