অধিক দায়বদ্ধতাৰে পঞ্চায়তীৰাজ ব্যৱস্থাত কাম কৰাৰ প্ৰতিশ্ৰুতি শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ । Dr Ranoj Pegu

ধেমাজি, ১২ মে’২০২৫: Dr Ranoj Pegu । অসমত পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা সমাপ্ত হোৱাৰ লগে লগে ৰাজনৈতিক পৰিৱেশ উত্সাহজনক ৰূপ লৈছে। সমগ্ৰ ৰাজ্যৰ লগতে ধেমাজি আৰু জোনাই জিলাতো ভোটগণনা প্ৰক্ৰিয়া শান্তিপূৰ্ণভাৱে সমাপ্ত হোৱাত স্থানীয় জনতাই স্বস্তিৰ নিশ্বাস লৈছে। যদিও জোনাই সমষ্টিৰ কিছু ফলাফল ঘোষণাত অলপ বিলম্ব হৈছে, তথাপি ধেমাজি জিলাত বিজেপি মিত্ৰজোঁটে দখল কৰিছে মুঠ ১২ খন জিলা পৰিষদ আসন

এই জয়ৰ পটভূমিত আজি ধেমাজিৰ বিধায়ক তথা ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সংবাদমেলৰ জৰিয়তে ৰাইজলৈ কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ কয়, “পঞ্চায়ত নিৰ্বাচনত ধেমাজিৰ ৰাইজে যি সহায়, আশীৰ্বাদ আৰু সমৰ্থন আগবঢ়াইছে, তাৰ বাবে মই গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰিছো। এই জয় কেৱল দলৰ নহয়, ই জনতাৰ আশা-আকাংক্ষাৰ প্ৰতিফলন। আমাৰ ওপৰত জনতাই পুনৰ বিশ্বাস ৰাখিছে, আৰু আমি সেই বিশ্বাসৰ যোগ্য হবলৈ অধিক দায়বদ্ধতাৰে কাম কৰি যাম।”

মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে, এইবাৰ পঞ্চায়তৰ ফলাফলৰ জৰিয়তে চৰকাৰৰ প্ৰতি জনতাৰ আস্থা আৰু উন্নয়নৰ দিশে গতি দিয়া চৰকাৰী নীতিসমূহৰ প্ৰভাব স্পষ্ট হৈছে। তেওঁ কয়, “জনতাই আমাক সুযোগ দিছে, আমি সেই সুযোগ সদ্ব্যৱহাৰ কৰিম। উন্নয়নমূলক কাম-কাজ, শুদ্ধ প্ৰশাসন, আৰু গ্ৰাম্য পৰ্যায়লৈকে প্ৰযুক্তি আৰু শিক্ষা পৌঁৰাবলৈ আমি বদ্ধপরিকৰ।”

ডাঃ পেগুৱে এই জয়ক নতুন দায়িত্ব হিচাপে গণ্য কৰি কয় যে, আগন্তুক দিনত পঞ্চায়তীৰাজ ব্যৱস্থাক অধিক সক্ৰিয় আৰু জনমুখী কৰি তুলিবলগীয়া প্ৰয়োজন আছে। “গ্ৰাম্য জনতাৰ সমস্যাবোৰ সঘনকৈ শুনি, সমাধানমূলক পদক্ষেপ ল’বলৈ আমাৰ আগ্ৰহ আছে। পঞ্চায়তৰ কামত স্বচ্ছতা, উত্তৰদায়িত্বৰ লগতে উন্নয়নৰ গতিও নিশ্চিত কৰিব লাগিব।”

উল্লেখযোগ্য যে, ধেমাজি জিলাত শান্তিপূৰ্ণভাৱে চলা এই নিৰ্বাচনে স্থানীয় ৰাজনৈতিক স্থিতিশীলতা প্ৰতিষ্ঠা কৰাৰ লগতে জনতাৰ ভিতৰত এক আশাৰ সঞ্চাৰ কৰিছে। শিক্ষামন্ত্ৰীগৰাকীৰ বক্তব্যে এই কথাই প্ৰতিপন্ন কৰে যে, ৰাজ্য চৰকাৰে গ্ৰাম্য উন্নয়নৰ দিশে অধিক দৃঢ়তাৰে আগবাঢ়িবলৈ সাজু।

Related Articles