শিৱসাগৰ জিলাৰ অন্তৰ্গত ডিমৌ সম জিলা ডিমৌৰ আদৰ্শ চিকিৎসালয়ত মানৱ দৰদী সংজ্ঞাহাৰক বিশেষজ্ঞ চিকিৎসক সুৰজিত গিৰিক মহিলা দণ্ডাধীশৰ অভব্য(Dr surajit giri) ব্যৱহাৰৰ গুৰুতৰ অভিযোগ৷ উল্লেখ্য যে শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ এগৰাকী সহকাৰী মহিলা আয়ুক্ত তথা কাৰ্যবাহী দণ্ডাধীশে এক ৰাজহুৱা অভিযোগ লাভ কৰাৰ নামত যোৱা ১১ জুলাইত ডিমৌ আদৰ্শ চিকিৎসালয়খনত উপস্থিত হৈছিল৷ ইয়াৰ পিছত দণ্ডাধীশগৰাকীয়ে চিকিৎসালয়খনত উপস্থিত হৈ অস্ত্ৰোপ্ৰচাৰৰ কক্ষত সংজ্ঞাহাৰক বিশেষজ্ঞৰ দায়িত্ব সম্পাদনা কৰি থকাৰ অৱস্থাত দণ্ডাধীশ গৰাকীয়ে চিকিৎসক সুৰজিত গিৰিক তেওঁৰ সন্মুখলৈ মাতি পঠায়৷ ডাঃ গিৰি আহি পোৱাত নিশা কৰ্তব্য সম্পাদন কৰাৰ নামত একাধিক প্ৰশ্ন উত্থাপন কৰি সতীৰ্থ চিকিৎসকৰ সন্মুখতেই চিকিৎসক গিৰিক অভব্য ব্যৱহাৰ কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ ইতিমধ্যে চিকিৎস গিৰিয়ে সামাজিক মাধ্যম ফেচবুকত মহিলা কাৰ্যবাহী দণ্ডাধীশগৰাকীয়ে তেওঁক সামাজিক ভাৱে কৰা অপমানৰ সন্দৰ্ভত এক প’ষ্ট দিয়াৰ পিছতেই শিৱসাগৰ জিলাখনৰ লগতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ আনকি চিকিৎসকগৰাকীয়ে সামাজিকভাৱে এগৰাকী প্ৰশাসনিক বিষয়াৰ পৰা পোৱা এই অপমানৰ বাবে নিজৰ আত্ম সন্মাৰ ৰক্ষাৰ স্বাৰ্থত চাকৰিৰ পৰা অব্যাহতি বিচাৰি যোৱা ১১ জুলাইৰ দিনাই শিৱসাগৰ জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ কাৰ্যালয়লৈ পত্ৰ প্ৰেৰণ কৰিছে৷ ইতিমধ্যে ডাঃ গিৰিৰ অব্যাহতি পত্ৰক লৈ ৰাজ্যজুৰি তোলপাৰ লাগিছে৷ ইফালে দণ্ডাধীশগৰাকীয়ে চিকিৎসক গিৰিক কৰা এনে অপমানৰ খবৰ বিয়পি পৰাত আজি ডিমৌ সম জিলাৰ বিভিন্ন দল-সংগঠন, ৰাইজৰ লগতে শিৱসাগৰৰ সদৰতো দল-সংগঠন, সামাজিক কৰ্মীয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ অসম গৌৰৱ সুৰিজিত গিৰিক কৰা অপমান সহ্য কৰা নহ’ব, ডাঃ সুৰিজিত গিৰি জিন্দাবাদ, দণ্ডাধীশৰ অভব্য আচৰণ বন্ধ কৰক ইত্যাদি শ্লোগান দি প্ৰতিবাদকাৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰে৷
সদৌ তাই আহোম ছাত্ৰ সন্থাৰ নেতা পাৰ্থ গগৈ, অসমীয়া যুৱ মঞ্চৰ নেতা বিষ্ণুজ্যোতি শইকীয়া, উজনি অসম থলুৱা মুছলিম পৰিষদৰ নেতা ফৰিদ ইছলাম হাজৰিকা, যুৱ সমাজকৰ্মী সৌৰভ ভাগৱতী, জ্যেষ্ঠ সাংবাদিক ফিৰোজ খান আদিয়ে বক্তব্য প্ৰদান কৰি দণ্ডাধীশগৰাকীয়ে চিকিৎসক সুৰজিত গিৰিক কৰা অভব্য ব্যৱহাৰকলৈ দুখ প্ৰকাশ কৰে৷ সংবাদ মাধ্যমৰ আগত উল্লেখিত দল-সংগঠনৰ নেতৃত্বই উল্লেখ কৰে যে চিকিৎসালয় পৰিদৰ্শনত যোৱা দণ্ডাধীশ গৰাকীয়ে কৰ্তব্যৰত এগৰাকী চিকিৎসকক এনেদৰে সতীৰ্থ চিকিৎসকৰ সন্মুখত অভব্য আচৰণ কৰাটো দণ্ডাধীশ গৰাকীৰ পদমৰ্যদাৰ বাবে শোভা নাপায়৷ ডাঃ গিৰি আজিৰ সময়ত এগৰাকী আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ চিকিৎসক হয়৷ শিৱসাগৰৰ গৌৰৱ এই গৰাকী চিকিৎসকে বিগত ১৭টা বছৰে ডিমৌ আদৰ্শ চিকিৎসালয়খনত দায়িত্ব, কৰ্তব্য নিষ্ঠা সহকাৰে পালন কৰি আহিছে৷ নিজৰ দায়িত্বত গাফিলতি কৰাৰ অভিযোগ আজিলৈকে ডাঃ গিৰিৰ বিৰুদ্ধে উত্থাপন হোৱা নাই৷ আনহাতে তেওঁ সৰ্প দংশনৰ ক্ষেত্ৰত মানুহৰ মনৰ পৰা অন্ধ বিশ্বাস আঁতৰাবলৈ অহৰহভাৱে মানুহৰ মাজত সজাগতা সৃষ্টি কৰি আহিছে৷ চিকিৎসা বিজ্ঞানৰ দ্বাৰা যে সৰ্প দংশন হোৱা লোক সুস্থ হৈ উঠে ইয়াক তেওঁ হাতে কামে কৰি দেখাইছে৷ বিগত সময়ত তেওঁ প্ৰায় তিনি হেজাৰ লোকক সৰ্প দংশনৰ পিছত সুস্থ কৰি তুলিবলৈ সক্ষম হৈছে৷ ইতিমধ্যে সৰ্প দংশনৰ সন্দৰ্ভত তেওঁ নিৰবিচ্ছিন্নভাৱে মানুহৰ মাজত সজাগতা সৃষ্টি কৰি অহাত আজিৰ সময়ত অন্তত: অসমত বহু পৰিমানৰ সৰ্প দংশনৰ ক্ষেত্ৰত হোৱা মৃত্যুক ৰোধ কৰিবলৈ সক্ষম হৈছে৷ এনে এগৰাকী মানৱ দৰদী চিকিৎসৰ বিষয়ে সবিশেষ নজনাকৈ মহিলা দণ্ডাধীশগৰাকীয়ে তেওঁক থিয় কৰি ৰাখি কৰ্তব্য সম্পাদন কৰাৰ একাধিক প্ৰশ্ন অৱতাৰণা কৰি চিকিৎসকগৰাকীক যি দৰে সামাজিক ভাৱে অপমানিত কৰিলে ই সঁচাকৈ এক দুৰ্ভাগ্যজনক বিষয় বুলি অভিহিত কৰিছে৷ আনহাতে ডাঃ গিৰিয়ে চাকৰিৰ পৰা অব্যাহতি লোৱাৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছে ইয়াক প্ৰত্যাহাৰ কৰিবলৈ সকলোৱে চিকিৎসকগৰাকীক আহ৩ান জনাইছে৷ স্মৰ্তব্য যে কোনে ডাঃ গিৰিৰ বিৰুদ্ধে সংশ্লিষ্ট দণ্ডাধীশগৰাকীক অভিযোগ দাখিল কৰিছিল এইয়া এতিয়াও ৰাজহুৱা হোৱা নাই৷ এক সূত্ৰৰ পৰা জানিব পৰা মতে জনৈক শৰ্মা উপাধিৰ এগৰাকী চিকিৎসকে নিজৰ স্বাৰ্থ সিদ্ধি কৰিবলৈ এনেদৰে ডাঃ গিৰিৰ বিৰুদ্ধে অভিযোগ আনিছে বুলি শিৱসাগৰত ৰাজহুৱা অভিযোগ উঠিছে৷ এই অভিযোগ প্ৰতি অভিযোগৰ সন্দৰ্ভত মহিলা দণ্ডাধীশগৰাকীৰ পৰা জানিবলৈ তেওঁৰ সৈতে যোগাযোগ কৰা হৈছিল যদিও যোগাযোগ স্থাপন কৰিব পৰা নগ’ল৷
ডিমৌ আদৰ্শ চিকিৎসালৰ সৰ্পদংশনৰ বিশেষজ্ঞ চিকিৎসক সুৰজিত গিৰিক ৰাজহুৱাকৈ অপমান এচিএছ বিষয়াৰ, চাকৰিৰ পৰা অব্যাহতি বিচাৰি আবেদন গিৰিৰ। এচিএছ বিষয়া পৰিস্মিতা দিহিঙ্গীয়াৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ। উক্ত বিষয়াৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ দাবী সৰ্বত্ৰে।
শিৱসাগৰ জিলাৰ এগৰাকী সহ আয়ুক্ত তথা দণ্ডাধীশ পৰিস্মিতা দিহিঙীয়া নামৰ এগৰাকী বিষয়া হঠাৎ ডিমৌ আদৰ্শ চিকিৎসালয়ত উপস্থিত হৈ চিকিৎসক, নাৰ্ছ তথা কৰ্মচাৰীসকলক তেওঁৰ সন্মুখত অতি শীঘ্ৰে হাজিৰ হ’বলৈ কয়৷ সেই সময়ত চিকিৎসালয়খনৰ অস্ত্ৰোপচাৰ কক্ষত ব্যস্ত আছিল সৰ্পদংশনৰ বিশেষজ্ঞ তথা সজ্ঞাসাৰক ডাঃ সুৰজিৎ গিৰি৷ তেখেতকো অস্ত্ৰোপচাৰ কক্ষৰ পৰা মাতি অনা হ’ল৷ তাৰ পিছত আৰম্ভ হ’ল দণ্ডাধীশ পৰিস্মিতাৰ জেৰা৷ ‘আপুনি কিয় নৈশ কৰ্তব্য পালন নকৰে বুলি কটু মন্তব্য কৰাত উপস্থিত থকা আন চিকিৎসক আৰু কৰ্মচাৰী সকলৰ আগত যথেষ্ট লজ্জিত হয়৷ ডাঃ গিৰিয়ে গত ১৮ টা বছৰ ধৰি ডিমৌ আদৰ্শ চিকিৎসালয়ত নিষ্ঠা আৰু সততাৰে কৰ্তব্য সম্পাদন কৰি অহাৰ পিছত হঠাৎ কৰ্তব্যক লৈ প্ৰশ্ন কৰা বিষয়টো সহজভাৱে ল’ব নোৱাৰিলে৷ চিকিৎসালয় পৰিচালনাৰ বাবে এজন অধীক্ষক থকা স্বত্বেও কিয় দণ্ডাধীশে চিকিৎসকৰ কৰ্তব্যত হস্তক্ষেপ কৰিবলগীয়া হ’ল তাক লৈ সূৰ্বত্ৰে চৰ্চা লাভ কৰিছে৷ ইতিমধ্যে সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত ডাক্তৰ সুৰজিত গিৰিয়ে নিশাৰ ভাগত সামাজিক মাধ্যম যোগে বিৱৰী অৱগত কৰাত সমগ্ৰ অসমতে তোলপাৰ লাগিছে আৰু চিকিৎসক হিচাপে অপমান বোধ কৰি শিৱসাগৰ জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকলৈ চাকৰিৰ পৰা অব্যাহতি বিচাৰি পত্ৰ প্ৰেৰণ কৰিছে৷ ইয়াৰ পিছতে আজি পুৱাৰে পৰা শিৱসাগৰ, ডিমৌ আদিত বিভিন্ন জাতীয় দল-সংগঠনে পৃথকে পৃথকে প্ৰতিবাদ সাব্যস্ত কৰি কৰ্মৰত চিকিৎসকক ৰাজহুৱাকৈ অপমান কৰা দিহিঙ্গীয়া উপাধিৰ দণ্ডাধীশগৰাকীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী তুলি স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰে৷ পুৱা ডিমৌ আদৰ্শ চিকিৎসালয়ত তাই আহো ছাত্ৰ সন্থা, অসমীয়া যুৱ মঞ্চ, আদিবাসী ছাত্ৰ সন্থাইয়ো যি গৰাকী দণ্ডাধীকে কৰ্মৰত চিকিৎসকক ৰাজহুৱাকৈ অপমান কৰিছে সেই গৰাকী দণ্ডাধীকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে ডিমৌত তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী হাতত লোৱা হ’ব বুলিও হুংকাৰ দিয়ে৷ ইফালে ডিমৌৰ সমাজ জীৱনৰ সৈতে জড়িত ব্যক্তি বিশেক আৰু ডিমৌ আঞ্চলিক ছাত্ৰ সন্থাৰ এটা সঁজাতি দলেও সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷লজ্জিত চিকিৎসকগৰাকীয়ে চাকৰিৰ পৰা অব্যাহতি বিচাৰি পত্ৰ প্ৰেৰণ।