Breaking

ডক্টৰ বাণীকান্ত কাকতিৰ স্মৃতি দিৱস পালন

0 2,151

ঢেকীয়াজুলি মহকুমা নাগৰিক মঞ্চৰ উদ্যোগত কালি ঢেকীয়াজুলি ৰাজহুৱা পুথিঁভৰালত  শিক্ষাবিদ-গৱেষক ডক্টৰ বাণীকান্ত কাকতিদেৱৰ স্মৃতি দিৱস পালন কৰা হয় ৷ বিয়লি ২-৩০ বজাত বন্তি প্ৰজ্বলন কাৰ্যসূচীৰে স্মৃতি দিৱসৰ অনুষ্ঠান আৰম্ভ হয় ৷ এই উপলক্ষে মুকলি সভা অনুষ্ঠিত কৰা হয় ৷ ঢেকীয়াজুলি মহকুমা নাগৰিক মঞ্চৰ সভাপতি খগেন্দ্ৰনাথ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত শিঙৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক প্ৰভাকৰ বৰ্মন আৰু লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ অধ্যাপক ড:হৰিপ্ৰসাদ বৰুৱাই নিৰ্দিষ্ট বক্তাৰ ভাষণ প্ৰদান কৰি বাণীকান্ত কাকতিৰ জীৱন-দৰ্শনৰ ওপৰত আলোকপাত কৰে ৷ সভাত ভাষণ প্ৰদান কৰি অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক প্ৰভাকৰ বৰ্মনে কয়, ডক্টৰ বাণীকান্ত কাকতিয়ে অসমীয়া ভাষাক প্ৰতিষ্ঠিত কৰি থৈ গৈছে ৷ বৈষ্ণৱ আন্দোলনক জনমানসত নিয়াৰ ক্ষেত্ৰত বাণীকান্ত কাকতিৰ যথেষ্ট অৱদান আছে বুলি তেওঁ ভাষণত উল্লেখ কৰে ৷ আনহাতে লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ অধ্যাপক ড:হৰিপ্ৰসাদ বৰুৱাই কয়, বাণীকান্ত কাকতিয়ে সৰুৰে পৰা মেধাৰ পৰিচয় দিছিল ৷ বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ পৰীক্ষাত কাকতিদেৱ সুখ্যাতি উত্তীৰ্ণ হোৱাৰ লগতে অসম উপত্যকাৰ ভিতৰত জিলিকি উঠিছিল ৷ উল্লেখ্য যে,ঢেকীয়াজুলি মহকুমা নাগৰিক মঞ্চৰ সম্পাদক নাৰায়ণ ফয়েলে আতঁধৰা সভাখনত ঢেকীয়াজুলি শাখা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱভূষণ মহন্ত, ঢেকীয়াজুলি শাখা নেপালী সাহিত্য সভাৰ সভাপতি দেৱী প্ৰসাদ অধিকাৰী, উত্তৰ পূৱ সাহিত্য আৰু সাংস্কৃতিক সন্মিলনৰ ঢেকীয়াজুলি শাখাৰ সভাপতি কবীন্দ্ৰ কুমাৰ দাস, অসম গোৰ্খা সন্মিলনৰ ঢেকীয়াজুলি শাখাৰ সভাপতি হিমসাগৰ উপাধ্যায়ে, অৱসৰপ্ৰাপ্ত শিক্ষক নৰেন্দ্ৰনাথ হালৈ, মহকুমা নাগৰিক মঞ্চৰ উপদেষ্টা প্ৰবোধ কুমাৰ দাস আদিয়ে বক্তব্য ৰাখি বাণীকান্ত কাকতিদেৱৰ অৱদানৰ কথা প্ৰকাশ কৰে ৷ সভাত অৱসৰপ্ৰাপ্ত বন বিষয়া প্ৰফুল্ল দাস, অৱসৰপ্ৰাপ্ত শিক্ষক দিপ্তী কুমাৰ কলিতা, সমাজকৰ্মী চন্দ্ৰ কটুৱাল, গোকুল বছনেত, জগদীশ খনাল, দীপক বোহোৰাৰ লগতে নাগৰিক মঞ্চৰ বিষয়ববীয়া আৰু সদস্য সকল উপস্থিত থাকে ।
  প্ৰেৰক–পবিত্ৰ কুমাৰ দাস, ঢেকীয়াজুলি।

Leave A Reply