কঁঠাল গছৰ পাতত ছবি অংকন কৰি ইণ্ডিয়া বুক অব্ ৰেকৰ্ডছত নিজৰ নাম অন্তর্ভুক্ত কৰিছে মুকালমুৱাৰ নিকটৱৰ্তী বদনি আখিয়া গাঁৱৰ এগৰাকী মেধাৱী ছাত্ৰীয়ে। আলহাজ হাফিজ আব্দুৰ ৰছিদ আৰু বেণু বেগমৰ কন্যা নুৰ নাজমা বেগমে ইন্ডিয়া বুক অব্ ৰেকৰ্ডছ-২০২৪ত নিজৰ নাম অন্তর্ভুক্ত কৰি নলবাৰী জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। বয়েল গ্ল’বেল ইউনিভাছিটিৰ স্নাতকোত্তৰ শ্ৰেণীৰ ছাত্ৰী নুৰ নাজমা বেগমে কঁঠাল গছৰ পাতত ভাৰতবৰ্ষৰ ২৮ খন ৰাজ্যৰ মানচিত্র অংকন কৰি এই অভিলেখ গঢ়িছে। অসম, মণিপুৰ, নাগালেণ্ড, কেৰালা, তামিলনাডু, উত্তৰাখণ্ড, হাৰিয়ানা, উত্তৰপ্ৰদেশ, বিহাৰকে ধৰি ২৮ খন ৰাজ্যৰ ছবি কম সময়ৰ ভিতৰতে অংকন কৰি নিজৰ নাম অন্তর্ভুক্ত কৰিবলৈ সক্ষম হৈছে ইন্ডিয়া বুক অব্ ৰেকৰ্ডছত। মাত্র ২৩ মিনিট ৩০ ছেকেণ্ডত দেশৰ ২৮ খন বাজ্যৰ মানচিত্র অংকন কৰি ইতিহাস ৰচিবলৈ সক্ষম হৈছে মুকালমুৱাৰ নুৰ নাজমা বেগমে।
ৰয়েল গ্ল’বেল ইউনিভার্হিটিত উদ্ভিদ বিজ্ঞান বিভাগৰ স্নাতকোত্তৰ শাখাৰ ছাত্ৰীগৰাকীয়ে ইণ্ডিয়া বুক অব্ বেকর্ডছত নাম অন্তর্ভুক্ত কৰাত উৎফুল্লিত হৈ পৰিছে পৰিয়াল, আত্মীয়-স্বজন তথা শুভাকাংক্ষীসকল। লকডাউনৰ সময়ছোৱাত কঁঠাল গছৰ পাতত ছবি অংকন কৰিবলৈ আৰম্ভ কৰা নুৰ নাজমা বেগমৰ প্ৰথমাৱস্থাত ২৮ খন ৰাজ্যৰ মানচিত্র অংকন কৰিবলৈ পাঁচ ঘণ্টা সময়ৰ প্ৰয়োজন হৈছিল যদিও ছাত্রীগৰাকীয়ে পিচলৈ সেই ছবি ২৩ মিনিট ৩০ ছেকেণ্ডত অংকন কৰি ইণ্ডিয়া বুক অব্ ৰেকৰ্ডছত নাম অন্তর্ভুক্ত কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে নুৰ নাজমা বেগমে চলিত বৰ্ষৰ চাৰি মাৰ্চত ইণ্ডিয়া বুক অব্ ৰেকৰ্ডছ কর্তৃপক্ষক ভিডিঅ’ অর্পণ কৰিছিল। যোৱা ১১ মাৰ্চত নূৰ নাজমা বেগমক ইণ্ডিয়া বুক অব্ ৰেকৰ্ডছে স্বীকৃতি প্রদান কৰিছিল। যোৱা ২ এপ্রিলত নুৰ নাজমা বেগমক ইণ্ডিয়া বুক অব্ ৰেকৰ্ডছে আনুষ্ঠানিকভাবে স্বীকৃতি প্ৰদান কৰি প্রমাণপত্র প্রদান কৰে। ছাত্ৰী গৰাকীৰ সাফল্যই অঞ্চলটোৰ লগতে জিলাখনলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয়।

