Breaking

হাতত কাঁচি, মুখত হাঁহিলৈ মথুৰাত নিৰ্বাচনী প্ৰচাৰ ‘ড্ৰিম গাৰ্ল’ হেমাৰ…

0 8

২০১৪ চনত প্ৰথমবাৰৰ বাবে এই কেন্দ্ৰৰ পৰা প্ৰাৰ্থী হৈছিল ‘ড্ৰিম গাৰ্ল’ হেমা। ইয়াৰ পিছত ২০১৯ চনত পুনৰ হয়। ইয়াৰ লগে লগে বিজেপিয়ে তৃতীয়বাৰৰ বাবে লোকসভা আসনত তেওঁক মনোনীত কৰিছে। শেহতীয়াকৈ হেমা মালিনীয়ে নিজৰ লোকসভা সমষ্টিত প্ৰচাৰ চলাবলৈ গৈছিল। তালৈ গৈ তেওঁ পথাৰত নামিল আৰু হাতত ধানৰ মুঠি লৈ ফটোৰ বাবে প’জ দিলে।


হেমাই এই ছবিসমূহ নিজৰ এক্স (পূৰ্বৰ টুইটাৰ) হেণ্ডেলত পোষ্ট কৰিছিল। তেওঁ চাৰিখন ছবি শ্বেয়াৰ কৰিচি সামাজিক মাধ্যমত। এখনত তেওঁক শস্য চপোৱা দেখা গৈছে। আন এখন ছবিত শস্য চপোৱা মহিলাসকলৰ মাজত থিয় হৈ। হাতত কাঁচি, মুখত হাঁহিলৈ বিভিন্ন ভংগীমাত ফটো তুলিলে ‘ড্ৰিম গাৰ্ল’ হেমা মালিনীয়ে।



লগতে কৃষকৰ মাজত থাকি তেওঁ অতি সুখী বুলিও প্ৰকাশ কৰে। কেৱল এয়াই নহয়, খেতিয়ক পৰিয়ালৰ লগত দীৰ্ঘদিনীয়া সংগতি আনকি খেতিৰ প্ৰতি থকা আকৰ্ষণৰ কথাও হেমাই উল্লেখ কৰিছে। X ত তেওঁ লিখিছে, “আজি মই কৃষকসকলক লগ কৰিবলৈ গৈছিলো। যোৱা ১০ বছৰ ধৰি তেওঁলোকৰ সৈতে নিয়মীয়াকৈ যোগাযোগ কৰি আছো।” হেমাই লগতে কয়, “তেওঁলোক মোৰ পৰিয়াল। তেওঁলোকৰ মাজত মোক পাই বৰ সুখী। তেওঁলোকৰ লগত ফটো উঠিবলৈ জোৰ দিলে।”

Leave A Reply