Breaking

খালী পেটত কুঁহিয়াৰ ৰস খালে বাঢ়ে ৰোগ প্ৰতিৰোধৰ ক্ষমতা, স্বাস্থ্যই লাভ কৰে বহু উপকাৰীতা…

0 71

গ্ৰীষ্মকালত খালী পেটত কুঁহিয়াৰ ৰস সেৱন কৰিলে দিনটোলৈ শৰীৰটো ভালে থাকে। কাৰণ কুঁহিয়াৰ ৰসে দেহত পানীৰ অভাৱৰ সমস্যা দূৰ কৰে। লগতে দৈনিক কুঁহিয়াৰ ৰস খালে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হৈ পৰে।
কুঁহিয়াৰ ৰসত ভিটামিন চি, আইৰণ আৰু কেলচিয়াম আদি উপাদান থাকে যিয়ে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে।


কুঁহিয়াৰ ৰসত ভাল পৰিমাণৰ গ্লুক’জ থাকে। যিয়ে আপোনাৰ শৰীৰক শক্তি প্ৰদান কৰে। গতিকে খালী পেটত সেৱন কৰিলে শৰীৰে লাভ কৰে শক্তি। আজিৰ সময়ত মানুহৰ জীৱনশৈলী বেয়া যাৰ বাবে মানুহৰ পেটৰ লগত জড়িত সমস্যা সৃষ্টি হয়। এই সমস্যাৰ পৰা হাত সাৰিবলৈ ৰাতিপুৱা খালী পেটত কুঁহিয়াৰ ৰস খাব পাৰে। কাৰণ কুঁহিয়াৰ ৰসত আঁহ থাকে যিয়ে আপোনাৰ পেট সুস্থ কৰি ৰাখে।

Leave A Reply