বেজেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত খোৱাপানী যোগান আঁচনি মুকলি

কামৰূপ জিলাৰ বেজেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাঙ্গণত শুক্ৰবাৰে ছাত্ৰ-ছাত্ৰীৰ বাবে খোৱা পানী যোগান আঁচনি মুকলি কৰা হয় ৷ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ হাজো সংমণ্ডলৰ অধীনত নিৰ্মাণ কৰা পানী যোগান আঁচনিখনৰ শুভ উদ্বোধন কৰে বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ তথা বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে ৷ আঁচনিখনৰ শুভ উদ্বোধনৰ পিছতে জ্যেষ্ঠ শিক্ষক দেৱেন্দ্ৰ নাথ ডেকাৰ সঞ্চালনাত এখনি সভা অনুষ্ঠিত হয় ৷ সভাৰ উদ্দেশ্য বাখ্যা কৰে বেজেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ মনজুৰ আলীয়ে ৷

বিশ্বকৰ্মা পূজা মূলতে ভাৰতৰ অসম, কৰ্ণাটক, পশ্চিমবংগ, বিহাৰ, ঝাৰখণ্ড, উৰিষ্যা আৰু ত্ৰিপুৰাকে ধৰি কেইবাখনো ৰাজ্যত ৷ প্ৰতিবছৰে ভাদ মাহৰ সংক্ৰান্তিত পালন কৰা হয় হয় বিশ্বকৰ্মা পূজা । এই উৎসৱ সাধাৰণতে কাৰখানা আৰু ঔদ্যোগিক প্ৰতিষ্ঠানৰ লগতে ব্যক্তি বিশেষে ঘৰতো পালন কৰে । বিশ্বকৰ্মা পূজাত ঘৰত থকা সাধাৰণ চাইকেলখনৰ পৰা ডাঙৰ ডাঙৰ উদ্যোগৰ যন্ত্ৰসমূহক পূজা অৰ্চনা কৰা হয় ৷

হিন্দু ধৰ্মৰ মতে, নিৰ্মাণ আৰু সৃষ্টিৰ ক্ষেত্ৰখনত দেৱশিল্পীৰ আশীষ অবিহনে অভিষ্ট সিদ্ধি নহয় । এই বিশ্বাসক সৰোগত কৰিয়েই তাহানিৰে পৰা চলি আহিছে বিশ্ব খনিকৰৰ পূজা-অৰ্চনা । আজি বিশ্বকৰ্মা পূজা উদযাপনৰ বাবে ৰাজ্যৰ বিভিন্ন চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, প্ৰতিষ্ঠান, কল-কাৰখানা আদি সকলো অনুষ্ঠান-প্ৰতিষ্ঠান সুন্দৰকৈ সজাই-পৰাই তোলা হৈছে ।

সমগ্ৰ দেশৰ লগতে আজি অসমতো আয়োজন কৰা হৈছে বিশ্বকৰ্মা পূজাৰ । গুৱাহাটী মহানগৰীত বিশ্বকৰ্মা পূজা উপলক্ষ্যে পুৱাৰে পৰা ব্যস্ততাময় পৰিবেশে বিৰাজ কৰিছে ৷ বিভিন্ন শিক্ষানুষ্ঠানৰ লগতে বিভিন্ন কাৰখানা, ছপাশাল, ব্যৱসায়িক প্ৰতিষ্ঠান আদিৰ উপৰি যান-বাহনৰগৰাকীসকলেও জাক-জমকতাৰে বিশ্বকৰ্মা পূজা উদযাপনৰ প্ৰস্তুতি চলাইছে ।

সভাৰ উদ্দেশ্য ব্যাখ্যাৰ পিছতে উদ্বোধক হেমন্ত চৌধুৰীয়ে নিজৰ ভাষণত অহা এপ্ৰিল মাহৰপৰা কাৰ্যকৰী হোৱাকৈ জালুকবাৰী সমষ্টিৰ দহখনকৈ বিদ্যালয়ত অসমীয়া আৰু ইংৰাজী এই দুটা মাধ্যমত শিক্ষাদান কৰা হব বুলি সদৰি কৰে ৷ সভাখনত সমজুৱাৰ ফালৰপৰা তত্বগধুৰ বক্তব্য প্ৰদান কৰে বেজেৰা উঃমাঃ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি গণেশ চন্দ্ৰ ডেকাই ৷

শিক্ষক পৱন চন্দ্ৰ ডেকাই আঁত ধৰা এই সভাখনতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে নৃত্য-গীত প্ৰদৰ্শনৰে দৰ্শকক আপ্লুত কৰে ৷ সভাত বিশিষ্ট শিক্ষাবিদ ৰজনীকান্ত তালুকদাৰ,বিশিষ্ট সমাজসেৱীকা উৰ্বশী চৌধুৰী, অৱসৰী শিক্ষক বিপিন চন্দ্ৰ ডেকা প্ৰমুখ্যে কেইবাগৰাকীও গণ্যমান্য ব্যক্তি উপস্থিত থাকে ৷

Related Articles