Breaking

আজিৰ পৰা পাৱাৰলুম গামোচাৰ বিৰুদ্ধে অভিযান ! শৰাইৰ স্হান ল’লে আমদানিকৃত ” হুৰাই” য়ে, আমদানিকৃত মেখেলা-চাদৰৰ বিৰুদ্ধে অভিযান

0 41

আমদানিকৃত গামোচা আৰু মেখেলা-চাদৰৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহন কৰিছে ৰাজ্য চৰকাৰে। কাইলৈৰ পৰা ৰাজ্যজুৰি আমদানিকৃত পাৱাৰলুম গামোচা আৰু মেখেলা-চাদৰৰ বিৰুদ্ধে চলিব অভিযান। কাইলৈ প্ৰতিখন জিলাৰ উপায়ুক্ত সকলৰ সৈতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ভিডিঅ কনফাৰেঞ্চ যোগে মত বিনিময় কৰি আমদানিকৃত গামোচাৰ লগতে মেখেলা-চাদৰৰ বিৰুদ্ধে চলিবলগীয়া অভিযান সম্পৰ্কে যাবতীয় নীতি নিৰ্দেশনা প্ৰদান কৰিব। উল্লেখযোগ্য যে ব’হাগ বিহুৰ ঠিক আগে আগে একাংশ ব্যৱসায়ীয়ে আমদানিকৃত গামোচা মজুত কৰি কোটি কোটি টকাৰ মুনাফা লুটি আহিছিল।

থলুৱা শিপিনীৰ গামোচাৰ মূল্য কিছু বেছি হোৱাৰ সুযোগ লৈ এচাম বহিৰাগত ব্যৱসায়ীয়ে দীৰ্ঘদিন দিন ধৰি চলাই আহিছিল এই ব্যৱসায়। আনহাতে বহু বিহু উদ্যক্তাইও কম মূল্যৰ এনে আমদানিকৃত গামোচা ক্ৰয় কৰি আহিছিল। শেহতীয়াকৈ থলুৱা কাহ শিল্পী সকলে তৈয়াৰ কৰা অসম গৌৰব শৰাইৰ প্ৰতিও আহি পৰিছে চৰম ভাবুকি। পশ্চিমবংগৰ এচাম কাৰিকৰে “হুৰাই” নাম দি অসমৰ বজাৰত মেলি দিছে শৰাই সদৃশ হুৰাই। চৰকাৰে গামোচাৰ লগতে অসমৰ শৰাইৰ অস্তিত্ব লৈ অহা ভাবুকিৰ প্ৰতি কঠোৰ স্থিতি গ্ৰহন কৰিবলৈ আহ্বান জনাইছে বিভিন্ন মহলে।

Leave A Reply