আজি মৈৰাবাৰী আৰক্ষী নিৱেশৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃদুল হাজৰিকাৰ নেতৃত্বত যোৱা এটি দলে মৈৰাবাৰীৰ ওচৰতে থকা দুৰাবান্ধি অঞ্চলত এটি অভিযান চলায়। উক্ত অভিযানত মফিজ উদ্দিন নামৰ এজন ড্ৰাগছ মাফিয়াৰ ঘৰত তালাচী চলাই মফিজ উদ্দিনক গ্ৰেপ্তাৰ কৰাত সক্ষম হয়।উক্ত আচামিজনৰ ঘৰৰ পৰা ১৩৭৮ টা নিচাজাতীয় টেবলেট, লিকু, চিৰাপ ৫০ বটল, আৰু ৫৫০০ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।মফিজ উদ্দিন নামৰ এই ব্যক্তিজনে বহু দিনৰ পৰা এই ব্যৱসায় চলাই আছিল। কিন্তু কোনো প্ৰমাণ আৰক্ষীৰ হাতত নাছিল। আজি এক গোপন সূত্ৰৰ পম খেদি আৰক্ষীৰ দলে এনে এক অভিযান চলাই তেওঁক আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীৰ এনে সফলতাক সচেতন মহলে ভূয়সী প্ৰসংশা কৰে। শ্ৰী মৃদুল হাজৰিকাই আগলৈয়ো এনে অভিযান অব্যাহত থাকিব বুলি সাংবাদিকৰ আগত ব্যক্ত কৰে।

