নগাঁৱত পুনৰ আটক ড্ৰাগছ ব্যৱসায়ী: ড্ৰাগছ ব্যৱসায়ীক আটক কৰিবলৈ আৰক্ষীৰ শূণ্যলৈ গুলী,জব্দ হেৰ’ইন

নগাঁও আৰক্ষীয়ে আজি পুনৰ দুজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম  হ’য়। আজি দুপৰীয়া নগাঁও আৰক্ষীৰ এটা দলে নগাঁৱৰ ভকতগাঁও নাৰমাৰীত  ড্ৰাগছৰ বিৰুদ্ধে এক অভিযান চলাইছিল। অভিযানৰ সময়তেই দুই ড্ৰাগছ মাফিয়া আব্দুল  উদ্দুচ আৰু মফাজ্বল হক আৰক্ষীৰ চকুত ধূলি দি পলায়নৰ অপচেষ্টা কৰে। লগে লগে অভিযানকাৰী আৰক্ষীয়ে শূণ্যলৈ এক জাই গুলী চলাই ড্ৰাগছ মাফিয়া দুটাক আটক কৰিবলৈ সক্ষম হয়। দীৰ্ঘদিন ধৰি ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই অহা দুই ব্যৱসায়ী আব্দুল আৰু মুফাজ্জলৰ পৰা আৰক্ষীয়ে কিছু পৰিমাণৰ হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয় । লগতে এ এচ ০২ পি ০৪০২ নম্বৰৰ এখন চেভ’লেট গাড়ীও আৰক্ষীয়ে জব্দ কৰে ।

Related Articles