গোলাঘাটত গ্ৰেপ্তাৰ ড্ৰাগছ ব্যৱসায়ী চন্দন বৰুৱা

অসম চৰকাৰৰ নিৰ্দেশ অনুযায়ী  সমগ্র ৰাজ্যত ড্ৰাগছৰ উৎখাত অভিযান আৰম্ভ হৈছে। প্ৰত্যেক দিনাই ড্ৰাগছ ব্যৱসায়ীৰ গ্ৰেপ্তাৰে সংবাদ শিৰোনাম দখল কৰিছে। গোলাঘাটতো বিভিন্ন অঞ্চলত ধাৰাবাহিকভাৱে ড্ৰাগছ ব্যৱসায়ী গ্ৰেপ্তাৰ হৈ আছে । পুনৰ  গোলাঘাট ফৰকাটিংত বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ ড্ৰাগছ ব্যৱসায়ী গ্ৰেপ্তাৰ । গোলাঘাট ফৰকাটিং ২ নং ফাটোৱাল গাঁৱৰ পৰা গ্ৰেপ্তাৰ ড্ৰাগছ ব্যৱসায়ী চন্দন বৰুৱা । বহুদিনৰ পৰা ফৰকাটিং ২ নং ফাটোৱাল গাৱঁ তথা  বৃহত্তৰ ফৰকাটিং অঞ্চলত ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল চন্দন বৰুৱাই । ফৰকাটিং আৰক্ষীয়ে লাভ কৰা গোপন সূত্ৰৰ পম খেদি  চন্দন বৰুৱা বাসগৃহত তালাচী চলাই ১০ গ্ৰাম হেৰইন সহ গ্ৰপ্তাৰ কৰে ধৃত চন্দন বৰুৱাক । নিষিদ্ধ ড্ৰাগছ সমূহ ঘৰৰ টিনৰ মাজত লুকুৱাই থৈছিল চন্দনে । আৰক্ষীয়ে তালাচী চলাই উদ্ধাৰ কৰে ড্ৰাগছ সমূহ ।

Related Articles