ৰাজ্যত একাংশ অসাধু লোকে চলাই আহিছে অসামাজিক তথা অপৰাধ জনিত কাৰ্য্য। ইয়াৰ বাবে প্ৰশাসনৰ মুৰৰ কামোৰণি হৈ পৰিছে। এই ক্ষেত্ৰত নামনি অসমৰ গোৱালপাৰা জিলাৰ জলেশ্বৰোড্ৰাগছ ব্যৱসায়ীৰ ৰম্যভূমিত পৰিণত হৈছে।প্ৰশাসনে এটাৰ পিছত এটাকৈ উৎখাত কৰিবলৈ সক্ষম হৈছে ড্ৰাগছৰ ঘাটি।যোৱাকালি এক বিশেষ সূত্ৰৰ পম খেদি লক্ষীপুৰ আৰক্ষী আৰু জলেশ্বৰ আৰক্ষীয়ে যৌথ ভাবে চলায় ড্ৰাগছ বিৰোধী অভিযান।অভিযানত আৰক্ষীয়ে আটক কৰে জলেশ্বৰ উদমাৰীৰ নুৰুল ইছলাম মোল্লা নামৰ ড্ৰাগছ মাফিয়া গৰাকীক। ইপিনে আৰক্ষীয়ে জব্দ কৰে এচ আৰ পি কেপচুল ৭ হাজাৰ ৩ শ ৪০ টা, কফ চিৰাফ ৭৮ টা আৰু নিচা জাতীয় ১ হাজাৰ ২ শ টেবলেট। উল্লেখ্য যে ড্ৰাগছ মাফিয়া নুৰুল ইছলাম মোল্লাৰ ঘৰৰ চৌহদত মাটিত পুতি থোৱা অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰে এই সমূহ নিচা জাতীয় ঔষধ। দীর্ঘ দিনৰ পৰাই এই গৰাকী নুৰুল ইছলাম মোল্লাই সমগ্র জলেশ্বৰ অঞ্চলত চলাই আহিছিল ড্ৰাগছৰ ৰমৰমীয়া বেহা।

