Breaking

গোলাঘাটৰ মৰঙীত ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়; ৰাইজে খেদি খেদি ধৰিলে ড্ৰাগছসহ যুৱকক

0 51

ড্ৰাগছৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে কঠোৰ স্থিতি গ্ৰহণ কৰিছে যদিও পুলিচ প্ৰশাসনক বুঢ়া আঙুলি দেখুৱাই বৰ্তমানেও যে ৰাজ্যৰ বিভিন্ন ঠাইত ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলি আছে , সেইকথা পুনৰবাৰ প্ৰমাণ হ’ল। মঙলবাৰে দুপৰীয়া ১ মান বজাত গোলাঘাটৰ মৰঙী অঞ্চলৰ লুৰুকীহাট আৰু ঢুলীয়া গাঁৱত ৰাইজে খেদি খেদি কৰায়ত্ব কৰিলে ড্ৰাগছসহ এজন যুৱকক।

মৰঙীবাসী আৰু ঢুলীয়া গাঁৱৰ গাওঁৰক্ষী বাহিনীৰ সহযোগত এই ড্ৰাগছ ব্যৱসায়ীটোক আটক কৰে ৰাইজে । ড্ৰাগছসহ হাতে-লোটে ধৰা ধৃত যুৱকজনৰ নাম ৰিতু বুঢ়াগোহাঁই। ঘটনাস্থলীত গোলাঘাট আৰক্ষী উপস্থিত হৈ যদিও ৰাইজে ড্ৰাগছ ব্যৱসায়ীটোক উত্তম মধ্যম সোধাই ৰাজপথেদি এক সমদল বাহিৰ কৰে।

ইফালে ৰাইজৰ মাৰ-কিল খোৱা ধৃত যুৱকটোৱে ৰাইজৰ ওচৰত কাণত ধৰি আঠু লৈ ড্ৰাগছ খিনি ঢুলীয়া গাঁওৰে এগৰাকী মহিলাৰ ঘৰৰ পৰা অনা বুলি স্বীকাৰ কৰে। পিছত যুৱকজনক সমদল কৰি ৰাইজে মহিলাগৰাকীৰ ঘৰলৈ যায় যদিও মহিলাগৰাকীক ঘৰত নথকাত সমগ্র ঘটনা তদন্তৰ বাবে আৰক্ষীক আহ্বান জনায়।

উল্লেখ্য যে বহু দিনৰে পৰা সমগ্র অঞ্চলটোত ড্ৰাগছৰ ব্যৱসায় হৈ থকাৰ কথা সচেতন ৰাইজে গম পাই আহিছিল । এনেদৰে দিন দুপৰতে ড্ৰাগছসহ যুৱক আটক হোৱাত সেই সন্দেহ অধিক স্পষ্ট হৈ পৰা ৰাইজে মত প্ৰকাশ কৰি অনতিপলমে সমগ্র অঞ্চলটোত চলি থকা ড্ৰাগছৰ ঘাটিসমূহ নি:শেষ কৰাৰ দাবী কৰে । অন্যথা ৰাইজে নিজেই ইয়াৰ উচিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি হুংকাৰ দিয়ে ।

Leave A Reply