ড্ৰাগছ, মদ; চিগাৰেটৰ পৰা আঁতৰি থাকে বলিউদৰ বহু অভিনেতা-অভিনেত্ৰী…


মদ্যপানৰ পৰা আঁতৰি থাকে বলীউডৰ বহু চেলিব্ৰিটি। আজি আমি আপোনালোকক জনাম বলিউদৰ কোন কোন চেলিব্ৰিটিয়ে চিগাৰেট-মদ সেৱন নকৰে। শতিকাৰ মেগাষ্টাৰ অমিতাভ বচ্চন এই উদ্যোগটোৰ অন্যতম চেলিব্ৰিটি, যিয়ে নিজৰ ফিটনেছ আৰু সহজ-সৰল জীৱন-যাপনৰ বাবে বিখ্যাত। কোৱা হয় যে অমিতাভ বচ্চনে বাহিৰৰ খাদ্যও ভাল নাপায়, তেওঁ বেছিভাগ শাক-পাচলি আৰু ৰুটি ঘৰতে খায়। অমিতাভ বচ্চনে মদ আৰু চিগাৰেটও সেৱন নকৰে।


অক্ষয় কুমাৰ- বলীউডৰ অভিনেতা অক্ষয় কুমাৰ ফিটনেছৰ বাবে বিখ্যাত। অক্ষয় কুমাৰে পাৰ্টিত উপস্থিত তাকি বাল নাপায় আৰু চিগাৰেট, মদও সেৱন নকৰে।


দীপিকা পাডুকন- অভিনেত্ৰী দীপিকা পাডুকনে নিজৰ ফিট শৰীৰ আৰু সুস্থ জীৱনশৈলীৰ অতি যত্ন লয়। দীপিকাই মদ আৰু চিগাৰেটৰ পৰা আঁতৰি থাকে।


টাইগাৰ শ্ৰফ- অভিনেতা টাইগাৰ শ্ৰফ ফিটনেছ প্ৰতি অতি সচেতন। অভিনেতাগৰাকীয়ে নিজৰ শৰীৰৰ যথেষ্ট যত্ন লয়, এনে পৰিস্থিতিত তেওঁ শৰীৰৰ ক্ষতি কৰা কোনো বস্তু ব্যৱহাৰ নকৰে।


জন আব্ৰাহাম- অভিনেতা জন আব্ৰাহামে বহুবাৰ ৰাজহুৱাভাৱে উল্লেখ কৰিছে যে তেওঁ মদ্যপান আৰু ধূমপানক তীব্ৰভাৱে ঘৃণা কৰে।

Related Articles