Breaking

নগাঁৱৰ পথৰ দাঁতিৰ পৰা উদ্ধাৰ নিচাজাতীয় ঔষধ

0 2,039

নগাঁৱত যেন এতিয়া ৰাস্তাই ঘাটে সুলভ হৈ পৰিছে নিচাজাতীয় ঔষধ। চহৰখনৰ বিভিন্ন প্ৰান্তত এতিয়া গঢ়ি উঠিছে ড্ৰাগছৰ ঘাটি। নগাঁও আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে দৈনিক অভিযান চলাইও যেন সফল হ’ব পৰা নাই। আজি নগাঁৱৰ ছোট’হয়বৰৰ পৰা জব্দ হয় বুজন পৰিমাণৰ নিচাজাতীয় ঔষধ। ছোটহয়বৰৰ ৰাজপথত পৰি থকা অৱস্থাত নগাঁৱৰ মৰিকলং আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় বুজন পৰিমাণৰ নিচাজাতীয় ঔষধখিনি। মৰিকলং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অঞ্জুশ্ৰী কলিতাৰ নেতৃত্বত আৰক্ষীৰ দলে অভিযান চলাই জব্দ কৰে ঔষধখিনি। কোনো সৰবৰাহকাৰীয়ে নিচাজাতীয় ঔষধখিনি পেলাই পলায়ন কৰাৰ সন্দেহ কৰা হৈছে।

Leave A Reply