Breaking

গুজৰাটত পুনৰ ২২,০০০ কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ, নৌ সেনাই গ্ৰেপ্তাৰ কৰিলে পাঁচজন পাকিস্তানীক…

0 27

গুজৰাটত পুনৰ ২২,০০০ কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ কৰা হ’ল। পুনৰ বিশাল পৰিমাণৰ ড্ৰাগছ জব্দ হ’ল গুজৰাটত। গুজৰাটৰ পোৰবন্দৰৰ ওচৰত এখন জাহাজৰ পৰা প্ৰায় ৩,৫০০ কিলোগ্ৰাম ড্ৰাগছ জব্দ কৰে ভাৰতীয় নৌসেনা আৰু নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰো (এনচিবি)ই। জাহাজখন ইতিমধ্যে জব্দ কৰা হৈছে। জাহাজখনৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ কৰা হৈছে। জব্দ কৰা ড্ৰাগছ খিনিৰ আনুমানিক মূল্য হৈছে প্ৰায় ২২,০০০ কোটি টকা। ড্ৰাগছ সৰবৰাহৰ অভিযোগত পাঁচজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ভাৰতীয় নৌসেনাৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, তেওঁলোক আটাইকেইজনেই পাকিস্তানী নাগৰিক। নৌ সেনাৰ সূত্ৰই জনোৱা মতে জাহাজখনৰ পৰা ৩,০৮৯ কিলোগ্ৰামতকৈও অধিক চাৰছ , ১৫৮ কিলোগ্ৰাম মেথাম্ফেটামিন আৰু ২৫ কিলোগ্ৰাম মৰ্ফিন জব্দ কৰা হৈছে। যদিও চৰকাৰী বিষয়াসকলে জব্দ কৰা ড্ৰাগছৰ মুঠ মূল্য প্ৰকাশ কৰা নাই, সেয়া প্ৰায় ২২,০০০ কোটি টকাৰ হ’ব বুলি অনুমান কৰা হৈছে।


পোৰবন্দৰৰ ওচৰত ভাৰতীয় নৌ সেনাৰ নিৰীক্ষণ বিমানে জাহাজখন দেখা পাইছিল। নৌসেনা আৰু এনচিবিয়ে জাহাজখনকলৈ সন্দেহ কৰি যুটীয়া অভিযান আৰম্ভ কৰিছিল। ভাৰতীয় নৌসেনাই এক বিবৃতিত কয়, “এনচিবি আৰু ভাৰতীয় নৌসেনাৰ এক যুটীয়া অভিযানত জাহাজখনৰ পৰা ড্ৰাগছ উদ্ধাৰ কৰা হয় ।

Leave A Reply