Breaking

অসমতেই অনাদৰ অসমীয়াৰ স্বাভিমান, চিলাপথাৰত জ্বলাই দিয়া হ’ল ঢোল আৰু গামোচা

0 181

ব’হাগৰ আনন্দৰ মাজতে চিলাপথাৰত অসমীয়াৰ স্বাভিমান গামোচা, ঢোল ক অপমান একাংশ উদণ্ড যুৱকৰ। যাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে চিলাপথাৰত।

অভিযোগ অনুসৰি চিলাপথাৰৰ কেন্দুগুৰি গাঁৱৰ বিতুল চেতিয়া নামৰ যুৱকজনে লগৰীয়াৰ সৈতে বিহু মাৰিবলৈ নোযোৱাৰ বাবেই পুৱাই বিতুলৰ ঘৰত উদণ্ড ৰূপত নৱ চাংমাই, লক্ষী চুতীয়া, অনন্ত নামৰ কেইবাজনো যুৱকে অনাধিকাৰ গৃহত উপস্থিত হৈ কোনো কথা বতৰা নোকোৱাকৈ অসমীয়াৰ স্বাভিমানি ফুলাম গামোচা আৰু ঢোলত পেট্ৰল ধালি জ্বলাই দিয়ে। এনে কাণ্ডত মৰ্মাহত হৈ পৰিছে বিতুলৰ লগতে অঞ্চলবাসী ৰাইজ।

অসমীয়াৰ আবেগ অনুভূতি থকা ফুলাম গামোচা, ঢোল জ্বলাই দিয়া মানে সম্পূৰ্ণ অসমীয়া জাতিৰ হ্ৰদপিণ্ডত আঘাত অনাৰ দৰে। এনে কাৰ্য কেতিয়াও গ্ৰহন যোগ্য নহয়। যদি কোনো অনা অসমীয়া লোক বা বঙালী, বিহাৰী মাৰোৱাৰী হ’ল হেঁতেন তেন্তে এতিয়া কি পৰিস্থিতি হ’ল হয় বুলি প্ৰশ্ন কৰিছে ৰাইজে।


শীঘ্ৰেই ন্যায় প্ৰদান কৰিবলৈ অসমীয়া ৰাইজৰ ওপৰত বিষয়টো এৰি দিছে পৰিয়ালটোৱে। ইতিমধ্যেই ভুক্তভোগীয়ে চিলাপথাৰ থানাত গোচৰ দাখিল কৰিছে।

Leave A Reply