DSP খৰ্গেশ্বৰ ৰাভাৰ মৃত্যুক সহজভাৱে ল’ব পৰা নাই পত্নী মিঠু ৰাভাই

DSP খৰ্গেশ্বৰ ৰাভাৰ মৃত্যুক সহজভাৱে ল’ব পৰা নাই পত্নী মিঠু ৰাভাই। ঘটনাৰ প্ৰকৃত তদন্তৰ দাবী ARSUৰ কামৰূপ জিলা সমিতিৰ।

বঙাইগাঁওস্থিত জাহ্নৱী ৰিজেন্সী হোটেলৰ কোঠাত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ DSP খৰ্গেশ্বৰ ৰাভাৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাক সহজভাৱে ল’ব পৰা নাই পৰিয়ালে। ৰাভাৰ মৃত্যুৰ প্ৰকৃত কাৰণ উদ্ঘাটন কৰিবলৈ মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছে তেওঁৰ পত্নী মিঠু ৰাভাই। কি পৰিস্থিতিত আৰু কেনেদৰে হোটেলৰ কোঠাত DSP খৰ্গেশ্বৰ ৰাভাৰ মৃতদেহ উদ্ধাৰ হ’ল, সেই সমগ্ৰ ঘটনাৰ নিৰপেক্ষ আৰু প্ৰকৃত তদন্তৰ জৰিয়তে ৰহস্য উদ্ঘাটন কৰিবলৈ দাবী জনাইছে পত্নী মিঠু ৰাভাই।

ইফালে, DSP খৰ্গেশ্বৰ ৰাভাৰ মৃত্যুৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নিখিল ৰাভা ছাত্ৰ সন্থা (ARSU)ৰ কামৰূপ জিলা সমিতিয়েও। আজি ৰাভাৰ বাসগৃহত উপস্থিত হৈ সংগঠনটোৰ নেতৃত্বই তেওঁৰ মৃত্যুৰ প্ৰকৃত ৰহস্য উদ্ঘাটনৰ দাবী জনায়। ঘটনাটোৰ উচিত তদন্ত কৰি মৃত্যুৰ আঁৰৰ প্ৰকৃত কাৰণ ৰাজহুৱা কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত দাবী উত্থাপন কৰে সংগঠনটোৱে।

Related Articles