ঘােচ লৈ গ্ৰেপ্তাৰ ডিব্ৰুগড় জিলাৰ ডিটিঅ’ কাৰ্যালয়ৰ মহিলা কৰ্মচাৰী আৰু মধ্যভােগী

কােকৰাঝাৰৰ ডিটিঅ’ সােমেশ্বৰ ব্ৰহ্ম মুছাহাৰীৰ গ্ৰেপ্তাৰৰ ঘটনাই পৰিবহন বিভাগৰ ভিতৰচ’ৰাত তীব্ৰ খলকনিৰ সৃষ্টি কৰাৰ সময়তে এইবাৰ ডিব্ৰুগড় জিলাৰ পৰিবহন বিষয়াৰ কাৰ্যালয়ত চলিল দুৰ্নীতি নিবাৰক শাখাৰ অভিযান।

নিম্ন বৰ্গৰ সহায়িকা দীতিমনি গগৈ।

এগৰাকী গাড়ীৰ মালিকৰ পৰা পথ কৰ অফলাইনত পৰিশোধ কৰাত সহায় কৰাৰ বিনিময়ত উৎকােচ লৈ ভিজিলেন্সৰ হাতত ধৰা পৰিল এজন দালালসহ ডিটিঅ’ কাৰ্যালয়ৰ নিম্ন বৰ্গৰ সহায়ক। ধৃত দালাজনৰ নাম পংকজ গগৈ আৰু নিম্ন বৰ্গৰ সহায়িকা গৰাকীৰ হৈছে দীতিমনি গগৈ।

ধৃত দালাজনৰ নাম পংকজ গগৈ

এই কথা টুইট কৰি প্ৰকাশ কৰিছে ভিজিলেন্সৰ মুৰব্বী, অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জিপি সিঙে। সম্প্ৰতি ডিব্ৰুগড় জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ৰ চৌহদতে ধৃত দুয়ােজনকে জেৰা চলাইছে ভিজিলেন্সৰ অভিযানকাৰী দলে।

Related Articles