পৰকীয়া প্ৰেমৰ বাবে মহিলাক নৃশংস হত্যা ! Dudhnoi

 Dudhnoi । দুধনৈ, ১৪ মে’: পৰকীয়া সম্পৰ্কৰ বলিত ৰাজ্যত পুনৰ সংঘটিত হৈছে এগৰাকী মহিলাৰ নৃশংস হত্যাকাণ্ড। দুধনৈৰ উদয়পুৰত মঙলবাৰে নিশা সংঘটিত হয় এক শিহৰণকাৰী ঘটনা, য’ত ছুৰীৰে আক্ৰমণ কৰি ৬০ বছৰৰো অধিক বয়সীয়া মহিলা ফুলেশ্বৰী বৰ্মন ৰাভাক হত্যা কৰে নিপ্পজ্যোতি ৰাভা নামৰ এজন যুৱকে।

ঘটনাৰ অনুসৰি, নিশা মৃত মহিলাগৰাকীৰ ঘৰৰ সৈতে লাগি থকা দোকানলৈ বস্তু কিনিবলৈ আহে যুৱকজন। সেই সময়তে সুযোগ লৈ মহিলা গৰাকীক চোকা অস্ত্ৰৰে একাধিকবাৰ আক্ৰমণ কৰি হত্যা কৰে। কেৱল ইমানেই নহয়, হত্যাৰ পাছত ঘৰত উপস্থিত মৃত মহিলাগৰাকীৰ দুজন কণমানি নাতিনীকো হত্যাৰ চেষ্টা চলায় অভিযুক্তই।

চিঞৰ-বাখৰ শুনি স্থানীয় ৰাইজ ঘটনাস্থলীত উপস্থিত হোৱাত অভিযুক্ত পলায়ন কৰে। তাৰ পিছতেই আৰক্ষীক জাননী দিয়া হয় আৰু আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে।

স্থানীয় ৰাইজে অভিযোগ কৰে যে, অভিযুক্ত নিপ্পজ্যোতিৰ সৈতে মৃত মহিলাগৰাকীৰ বোৱাৰীৰ অবৈধ সম্পৰ্ক আছিল আৰু সেই ব্যক্তিগত সম্পৰ্কৰ ফলস্বৰূপেই সংঘটিত হয় এই ভয়ংকৰ হত্যাকাণ্ড। অভিযোগৰ ভিত্তিত আৰক্ষীয়ে মৃত মহিলাগৰাকীৰ বোৱাৰীক ইতিমধ্যে আটক কৰিছে আৰু মূল অভিযুক্ত নিপ্পজ্যোতি ওৰফে নিৰজ ৰাভাক বিচাৰি তীব্ৰ অভিযান চলাইছে।

ইফালে, এই ঘটনাই কেৱল এটা নিদৰ্শন। বিগত কিছুমান দিনত পৰকীয়া প্ৰেমৰ বলিত দুজন লোকে ইতিমধ্যে প্ৰাণ হেৰুৱাইছে। এগৰাকী মাতৃয়ে নিজৰ অবৈধ প্ৰেমিকৰ সহযোগত ১০ বছৰীয়া পুত্ৰ সন্তানক হত্যা কৰি মৃতদেহ ছুটকেছত ভৰাই এটা জোপোহালৈ নিক্ষেপ কৰিছিল। দেওবাৰে আৰক্ষীয়ে এই তথ্য প্ৰকাশ কৰিছিল।

আনহাতে, সোমবাৰে গুৱাহাটীৰ গড়চুত সংঘটিত হয় আন এক হত্যাকাণ্ড। Silver Arcade বিল্ডিঙৰ পাৰ্কিঙত ছুৰীৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মৃগাংক বৰ্মন (২৬) নামৰ এজন যুৱকে মৃত্যুক সাৱটি লয়। এই ঘটনাত গ্ৰেপ্তাৰ হোৱা ৰাজু আলী নামৰ অভিযুক্তে স্বীকাৰ কৰে যে, এগৰাকী যুৱতীৰ সৈতে তেওঁৰ দুবছৰৰ পৰা সম্পৰ্ক আছিল, কিন্তু সেই যুৱতীগৰাকী মৃগাংকৰ সৈতে হোটেলত দেখা কৰিবলৈ আহিছিল বুলি জানি, তেওঁ এই আক্ৰমণ কৰে।

সাম্প্ৰতিক এইবোৰ ঘটনা একেবাৰে স্পষ্ট কৰিছে যে সমাজত পৰকীয়া সম্পৰ্কৰ জটিলতাৰ ফলত সংগঠিত হোৱা হত্যা, আক্ৰমণ আদিৰ সংখ্যা দ্ৰুতবেগে বৃদ্ধি পাইছে। আৰক্ষীয়ে সকলো ঘটনাত তদন্ত অব্যাহত ৰাখি দোষীসকলক বিচাৰৰ মুখামুখি কৰাব বুলি জনাইছে।

Related Articles