Breaking

মৰিগাঁৱত বজাৰৰ অভাৱত বাগানতে গেলি পচি গৈছে লক্ষাধিক টকা ব্যয়ৰে কৰা সুস্বাদু ড্ৰেগন ফল

0 1,565

সম্প্ৰতি ক’ৰোনা মহামাৰীয়ে ত্ৰাসৰ সৃষ্টি কৰাৰ সময়তে কৃষক সকলৰ জীৱনলৈ দৰিদ্ৰতা নামি আহিছে। ৰাজ্য খনৰ লগতে মৰিগাঁৱতো কৃষিজীৱি ৰাইজে গাঁঠিৰ ধন খৰচ কৰি আশাৰে কৰা খেতি বজাৰ নোহোৱাত পথাৰতে গেলি পচি শুকাই যোৱাত কৃষক ৰাইজৰ জীৱনলৈ নামি আহিছে ঘোৰ অমানিশা। মৰিগাঁৱৰ এজন উদ্যমী খেতিয়কে উন্নত জাতৰ ড্ৰেগনৰ খেতি কৰি এতিয়া বিক্ৰীৰ অভাৱত সৰ্বস্বান্ত হৈ পৰিছে। মৰিগাঁও জিলাৰ বেতনি গাঁৱৰ প্ৰভাকৰ পোণা ডেকা নামৰ এজন যুৱকে উন্নত দেশৰ সুস্বাদু তথা সুষম ফল ড্ৰেগনৰ খেতিয়ে স্বাৱলম্বী হোৱাৰ স্বপ্ন দেখি প্ৰায় চাৰি একৰ মাটিত ড্ৰেগন খেতি আৰম্ভ কৰিছিল। মৰিগাঁৱৰ প্ৰভাকৰ পোনা ডেকাই বুকুত অযুত সপোন লৈ স্বাৱলম্বী হোৱা আশাৰে কৰা ড্ৰেগনৰ খেতি  লমালমে ফল ধৰিছে। কিন্তু ক’ৰোনা মহামাৰীয়ে সমগ্ৰ ৰাজ্যখনত ত্ৰাসৰ সৃষ্টি কৰাত বজাৰ সমূহ বন্ধ হৈ পৰিল। লাখ লাখ টকা খৰচ কৰি স্বাৱলম্বী হোৱা সপোন দেখা মৰিগাঁৱৰ প্ৰভাকৰ জীৱনলৈ নামি আহিছে অমানিশা। মৰিগাঁৱৰ উদ্যমী যুৱ খেতিয়ক জনে উন্নত দেশৰ সুস্বাদু ড্ৰেগন ফলৰ লগতে থাইলেণ্ড বগৰী আৰু নেমু খেতিও বিশাল মাটি দৰাত কৰা ফচল লমালমে ভৰি আছে। বিক্ৰীৰ অভাৱত সকলো বাগানতে পকি সৰি গৈছে। নাই কোনো গ্ৰাহক ,নাই কোনো বজাৰ–মূৰত যেন আকাশ খহি দিশহাৰা হৈ পৰিছে মৰিগাঁৱৰ বেতনি গাঁৱৰ উদ্যমী যুৱ কৃষক জনৰ। ক’ৰোনা মহামাৰীয়ে সৰ্বস্বান্ত কৰি পেলালে মৰিগাঁৱৰ বহু কৃষকৰ জীৱন। ক’ৰোনাৰ বিভীষিকাৰ বাবে লাখ লাখ টকা খৰচ কৰি উৎপাদন কৰা ফচল বিক্ৰীৰ বাবে এখন জিলাৰ পৰা আনখন জিলালৈ নিবলৈও নোৱাৰাৰ লগতে বজাৰ সমূহো বহু দিন বন্ধ হৈ পৰিল। ক’ৰোনাই একপ্ৰকাৰে সৰ্বনাশ মাতি আনিলে জিলা খনৰ উদ্যমী খেতিয়ক সকলৰ জীৱনলৈ। মৰিগাঁৱৰ প্ৰভাকৰ ডেকাই এইবাৰ ড্ৰেগন বিক্ৰী কৰিব নোৱাৰিলে অতি কমেও ১৫ৰ পৰা২০ লাখ টকা পানীত পৰিব। কাৰণ এইবাৰ ড্ৰেগন ফলৰ উৎপাদন পূৰ্বৰ তুলনাত কৈ বৃদ্ধি হৈছে। এইবাৰ ড্ৰেগন ফল মুঠতে ছয়-সাত টন হ’ব গৈ। প্ৰতিকিলো দাম ৩৫০ কৈ হ’লে এইবাৰ উৎপাদিত ড্ৰেগনৰ মূল্য ২১ লাখ টকা হ’ব গৈ বুলি প্ৰভাকৰে সংবাদ মাধ্যমৰ আগত দুখেৰে প্ৰকাশ কৰে। উল্লেখ যে– মৰিগাঁও জিলাৰ বেছি ভাগ লোকেই কৃষিৰ ওপৰত নিৰ্ভৰশীল। কপালৰ ঘাম মাটিত পেলাই গাঁঠিৰ ধন ভাঙি মৰিগাঁৱৰ কৃষক ৰাইজে খেতিৰ ওপৰতে নিৰ্ভৰ কৰি পৰিয়াল পোহপাল দি আহিছে। দুটাকৈ বছৰত ক’ৰোনাই মৰিগাঁৱৰ উদ্যমী খেতিয়ক সকলৰ জীৱনলৈ নমাই আনিলে ঘোৰ অন্ধকাৰ। সম্প্ৰতি ক’ৰোনা মহামাৰীয়ে মানুহক সকলো ফালৰ পৰা সৰ্বস্বান্ত কৰি পেলালে। ক’ৰোনাই জীয়াই থকাৰ শেষ আশাকনো যেন নাইকীয়া কৰি দিলে।এই পৰিৱেশেই এতিয়া সৰ্বত্ৰতে বিৰাজমান।বৰ্তমান এই দুৰ্যোগময় পৰিৱেশত কৃষকৰ বাবে কোনো বজাৰ নোহোৱাত, সৰ্বনাশ মাতি আনিলে মৰিগাঁৱৰ প্ৰভাকৰ পোনা ডেকাৰ দৰে বহু উদ্যমী খেতিয়কৰ জীৱনলৈ। ইপিনে, ক’ৰোনা বিভীষিকাই সৰ্বস্বান্ত কৰা খেতিয়ক সকলৰ কথা এবাৰ ভাবি চাবলৈ অসম চৰকাৰক প্ৰভাকৰ পোনা ডেকাই আহ্বান জনাইছে।

Leave A Reply