তৈলনগৰী দুলীয়াজান চহৰৰ উন্নয়ণৰ নমুনা দেখিলে আচৰিত হ’ব । Duliajan

Duliajan । তৈলনগৰী দুলীয়াজান চহৰৰ উন্নয়ণৰ নমুনা দেখিলে আচৰিত হ’ব। আপুনি মই কেতিয়াও নেদেখা দৃশ্য দেখা পাব । দুলীয়াজানৰ মাষ্টৰ পাৰা অঞ্চলটোৰ পৰিৱেশ দেখিলে স্বাভাৱিকতেই প্ৰশ্ন উত্থাপন হ’ব যে বিজেপি চৰকাৰে দাবী কৰা উন্নয়নৰ নমুনা এইয়াই নেকি।

উক্ত বৃহত্তৰ অঞ্চলটো বছৰৰ আঠ মাহেই এনেদৰে পানীৰ তলত ডুব গৈ থাকে। এক কদৰ্যময় পৰিৱেশৰ মাজত জনসাধাৰণৰ পানীৰ মাজতেই আৱদ্ধ হৈ থাকিবলগীয়া হৈছে।

স্থানীয় ৰাইজে বাৰম্বাৰ স্থানীয় বিধায়ক তেৰচ গোৱালা,ৰাজ্য সভাৰ সাংসদ তথা দুবাৰকৈ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু ডিব্ৰুগড়ৰ সাংসদ সৰ্বানন্দ সোণোৱালক আবেদন-নিবেদন জনাই আহিছে যদিও আজিপৰ্যন্ত কোনো ধৰণৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰিলে ।


যাৰ ফলত ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে । ইফালে দুলীয়াজানত মহাৰত্ন কোম্পানী অইল ইণ্ডিয়া লিমিটেড,ৰাজ্যৰ অতি লাভজনক উদ্যোগ প্ৰতিষ্ঠান অসম গেছ কোম্পানী লিমিটেড, ডি এন পি এল,বি চি পি এল,নীপকো আদি বিভিন্ন লাভজনক উদ্যোগ প্ৰতিষ্ঠান থকাৰ পিচতো একাংশ লোকৰ এনে দুৰ্দশা সঁচাকৈয়ে চিন্তনীয় বিষয় হিচাপে পৰিগণিত হৈছে।

Related Articles