Duliajan BN Singh Petrol Pump: দুভাগত বিভক্ত ৰাজ্যৰ জাতীয়তাবাদী শিবিৰ !

কেতিয়াবা মাছ, কেতিয়াবা তেল ডিপো অথবা কেতিয়াবা(Duliajan BN Singh Petrol Pump)বাংলাদেশীৰ প্ৰসংগক লৈ ৰাজ্যত জাতীয়তাবাদে নতুন ৰূপত জাগ্ৰত হৈ আহিছে৷ শেহতীয়াকৈ দুলীয়াজানত এটা তেল ডিপোত কেন্দ্ৰ কৰি হোৱা সংঘাতৰ পিছতে অসমত, বিশেষকৈ উজনি অসমত জাতীয়তাবাদৰ এক নতুন জাগৰণে ঢৌৱাই যোৱাৰ কথা সকলোৱে অনুভৱ কৰিছে৷ দুলীয়াজানৰ তেল ডিপো কাণ্ডত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ কৰি তেওঁক হেণ্ডকাফ পিন্ধোৱাৰ পিছতে সমগ্ৰ বিষয়টোৱে এক নতুন ৰূপ পৰিগ্ৰহ কৰে৷ শংকৰজ্যোতি বৰুৱাৰ গ্ৰেপ্তাৰক লৈ বিশেষ কোনো দল-সংগঠনে প্ৰথম অৱস্থাত মাত মতা নাছিল যদিও বৰুৱাক চোৰ, ডকাইত অথবা সন্ত্ৰাসবাদীৰ দৰে ব্যৱহাৰ কৰি হেণ্ডকাফ পিন্ধোৱাৰ পিছতে সমগ্ৰ ঘটনাক্ৰম সলনি হৈ পৰিল৷ এগৰাকী অসমীয়া যুৱকক এনেদৰে অন্যায়ভাৱে হেণ্ডকাফ পিন্ধোৱাৰ ঘটনাক লৈ উজনি অসমত জাগ্ৰত হৈ পৰিল জাতীয়তাবাদী শিবিৰৰ নেতা তথা কৰ্মীসকল৷

যিটো সময়ত অসমত বছৰৰ পিছত বছৰ ধৰি আছুৱে জাতীয়তাবাদৰ ধ্বজা বহন কৰি আহিছে সেই সময়ত পিছে এইবেলি দৃশ্যপটৰ পৰা সম্পূৰ্ণ উধাও আছু৷ উজনি অসমত শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফ পিন্ধোৱাক লৈ জাতীয়তাবাদৰ নতুন ঢৌ বৈ যোৱাৰ সময়তে কিছু দিনলৈ আছুৰ নেতাসকলে মুখত পিঠা ভৰাই থাকিল৷ অৱশেষত যেনিবা সামাজিক মাধ্যম আৰু সংবাদ মাধ্যমত বিষয়টোক লৈ প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ পিছত আছুৰ নেতৃবৃন্দই শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফ পিন্ধোৱাৰ বিষয়ত মাত মাতিলে৷ অৱশ্যে আছুৰ নেতাসকলে যেন বিষয়টোত মাত মাতিবলৈ গৈ খাল খান্দি ঘঁৰিয়ালহে চপালে৷ আছুৰ নেতা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, উৎপল শৰ্মা আদিয়ে শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফ পিন্ধোৱাৰ ঘটনাত প্ৰতিক্ৰিয়া ব্যক্ত কৰিবলৈ গৈ যেন নিজৰ মনৰ ভিতৰত লুকাই থকা আখেজ আৰু আক্ৰোশক উগাৰি দিলে৷ আছু নেতাদ্বয়ৰ প্ৰতিক্ৰিয়াৰ পিছতে সামাজিক মাধ্যমত বহুগৰাকী নেতাকে মানুহে তুলাধূনা দিলে৷ এনে সময়তে এতিয়া বিভিন্নজনৰ মাজত প্ৰশ্ন উত্থাপন হৈছে দুলীয়াজানৰ তেল ডিপোৰ ঘটনাই দৰাচলতে লাভৱান্বিত কৰিলে কাক, এই ঘটনাত কোন হ’ল ক্ষতিগ্ৰস্ত? বিভিন্নজনে এই বিষয়ত প্ৰকাশ কৰা প্ৰতিক্ৰিয়াৰ পৰা এই কথা স্পষ্ট হৈ পৰিছে যে দুলীয়াজানৰ ঘটনাই জাতীয়তাবাদৰ পতাকা ইমানদিনে বহন কৰি নিয়া আছুৰ গুৰুত্ব উজনি অসমত ভালেখিনি কমাই দিলে৷ ইয়াৰ লগতে উজনি অসমত আছুৰ সলনি আন কেইবাটাও জাতীয়তাবাদী শিবিৰে অসমীয়া জাতীয়তাবাদক সঠিক সময়ত সঠিক ৰূপত উজ্জীৱিত কৰি আগুৱাই নিবলৈ সক্ষম হোৱা বুলি বিভিন্নজনে চৰ্চা কৰিছে৷

ৰাইজৰ মাজত এইবুলিও চৰ্চা হৈছে যে দুলীয়াজানৰ তেল ডিপোৰ ঘটনাটোৰ পিছতে ৰাজ্যৰ জাতীয়তাবাদী শিবিৰ দেখ দেখকৈ দুটা ভাগত বিভক্ত হৈ পৰিছে৷ আছুৰ নেতাসকলে শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফ লগোৱাৰ ঘটনাক লৈ নৈতিকভাৱে যেনেধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব লাগিছিল ঠিক তেনেধৰণৰ প্ৰতিক্ৰিয়া যেন ৰাইজে তেওঁলোকৰ পৰা নাপালে৷ সেইবাবে দুলীয়াজানৰ ঘটনাই আছুৰ উজনি অসমত থকা প্ৰাধান্য তথা আনুগত্যক ভালেখিনি ম্লান কৰি পেলোৱা বুলি বিভিন্নজনে এতিয়া আলোচনা কৰিছে৷ দুলীয়াজানৰ ঘটনাটোৱে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত কৰা ব্যক্তিগৰাকী বিধায়ক তেৰছ গোৱালা বুলিও বহুতে চৰ্চা কৰা পৰিলক্ষিত হৈছে৷ উল্লেখ্য আমাৰ পূৰ্বৰ প্ৰতিবেদনতে এই কথা কোৱা হৈছিল যে শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰৰ আঁৰত বিধায়ক তেৰছ গোৱালাৰ হাত থকা বুলি বিভিন্নজনে সন্দেহ কৰিছিল৷ আমি এই কথাও লগতে প্ৰকাশ কৰিছিলো যে বিশেষ সূত্ৰই জনোৱা অনুসৰি সমগ্ৰ বিষয়টোত তেৰছ গোৱালাৰ ভূমিকাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুঠেও সন্তুষ্ট নাছিল৷ সেই বাবেই তেওঁ তেৰছ গোৱালাক ধমক দিয়া বুলিও সূত্ৰটোৱে প্ৰকাশ কৰিছিল৷ সূত্ৰটোৰ কথা কিমান দূৰ সঁচা অথবা মিছা সেই কথা একাষৰীয়া কৰি থৈ এটা কথাই ক’ব পাৰি যে দুলীয়াজানৰ ঘটনাটোৱে তেৰছ গোৱালাৰ ভাবমূৰ্তি নিঃসন্দেহে ভালেখিনি ম্লান কৰি পেলালে৷ আনকি চাহ বাগিচা অঞ্চলতো এতিয়া বহুতে তেৰছ গোৱালাৰ প্ৰতি বিষোদগাৰ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে৷ একেদৰে ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক জাতীয় বিষয়সমূহক মাত মতাৰ বাবেই এটা সময়ত অসমীয়া ৰাইজে জাতীয় নায়কৰ সন্মানেৰে বিভূষিত কৰিছিল৷ কিন্তু সেইগৰাকী জাতীয় নায়ক সৰ্বানন্দ সোণোৱালে শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফ লগোৱাৰ প্ৰসংগত এটা টু-শব্দও উচ্ছাৰণ নকৰিলে৷

এই কথা বহু লোক অসন্তুষ্ট হৈ পৰা বুলি এই প্ৰতিবেদকৰ সন্মুখত প্ৰকাশ কৰিছে৷ আওপাকে ক’বলৈ গ’লে দুলীয়াজানৰ ঘটনাটোৱে জাতীয় নায়ক সৰ্বানন্দ সোণোৱালৰ ভাবমূৰ্তিতো কিছু পৰিমাণে হ’লেও চেকা লগালে৷ আনহাতে, দুলীয়াজানৰ ঘটনাটোৱে হিৰোত পৰিণত কৰিলে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক৷ হিন্দী চিনেমাৰ কায়দাত শৃংখল চলিহাই আৰক্ষীৰ বেহুৰ মাজতে অসমীয়া মানুহৰ ওপৰত হোৱা যিকোনো অত্যাচাৰ সহ্য কৰা নহ’ব বুলি যি ধৰণে হুংকাৰ দিলে সেই হুংকাৰ অসমৰ যেন ইমূৰৰ পৰা সিমূৰলৈ প্ৰতিধ্বনিত হ’ল৷ আৰক্ষীয়ে সেয়ে আটক কৰাৰ পিছতো ব্যাপক গণ আন্দোলনৰ আশংকা কৰিয়েই শৃংখল চলিহাক পুনৰ স-সন্মানেৰে নিশা নিজৰ বাসগৃহত নমাই থৈ যাবলগীয়া হ’ল৷ এয়া নিঃসন্দেহে অসমীয়া প্ৰতিবাদী জাতীয়তাবাদী শিবিৰৰ বাবে এক বিজয় বুলি বহুতে মন্তব্য কৰিছে৷ একেদৰে দুলীয়াজানৰ ঘটনাটোক লৈ পুনৰ জাতীয়তাবাদী শিবিৰত উজ্জীৱিত কৰাত সফল হ’ল অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ৷ শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে প্ৰথম অৱস্থাত শংকৰজ্যোতিক হেণ্ডকাফ লগোৱাৰ প্ৰসংগত কিছু মাত মাতিছিল যদিও পিছদিনাই তেওঁ পুনৰ স্থিতি সলনি কৰি চান্দা পাৰ্টী আদি বাক্য উচ্ছাৰণ কৰাৰ পিছতে তেওঁৰ প্ৰতি প্ৰতিবাদী জনতাৰ মনোভাবো নিশাটোৰ ভিতৰতে সলনি হৈ পৰা বুলি বহুতে এতিয়া আলোচনা কৰিছে৷ দুলীয়াজানৰ ঘটনাই সোমবাৰে গুৱাহাটী উচ্ছ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰা শংকৰজ্যোতি বৰুৱাক আটাইতকৈ বেছি উপকৃত কৰা বুলি এতিয়া বিভিন্নজনে চৰ্চা কৰা পৰিলক্ষিত হৈছে৷

বহুতে লগতে এই বুলিও কৈছে যে শংকৰজ্যোতি বৰুৱাৰ বাবে হেণ্ডকাফ ডাল অভিশাপ নহৈ যেন আশীৰ্বাদহে হৈ পৰিল৷ বহুতে এইবুলিও আলোচনা কৰিছে যে শংকৰজ্যোতি বৰুৱাই শীঘ্ৰে গেৰুৱা বাহিনীত যোগদান কৰিব আৰু তেওঁ ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত দুলীয়াজানৰ পৰা টিকট পোৱাৰ সম্ভাৱনা আছে৷ এনে পৰিস্থিতিত বৰ্তমানৰ বিধায়ক তেৰছ গোৱালাৰ সান্দহ খোৱা বালি তল যাব পাৰে বুলি বহুতে এতিয়া আলোচনা কৰা পৰিলক্ষিত হৈছে৷ সঁচাকৈ তেল ডিপোৱে জ্বলাব পাৰে জাতীয়তাবাদৰ জুই, সেই কথা এতিয়া দুলীয়াজানত দেখ দেখকৈ প্ৰমাণ হৈছে৷

Related Articles