Duliajan News: এটা পেট্ৰ’ল পাম্পে ৰাজনৈতিক কেৰিয়াৰ ডুবাব নেকি বিধায়ক তেৰছ গোৱালাৰ! শংকৰজ্যোতি বৰুৱাৰ উত্থানত শংকিত হৈছে কোন?

তৈলনগৰী দুলীয়াজানৰ শেহতীয়া পৰিস্থিতিয়ে(Duliajan News)এতিয়া সমগ্ৰ ৰাজ্যৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷ দুলীয়াজানৰ এটা পেট্ৰ’ল ডিপোক কেন্দ্ৰ কৰি সৃষ্টি হোৱা অপ্ৰীতিকৰ পৰিস্থিতিৰ অচিলা হৈ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ কৰা আৰু গ্ৰেপ্তাৰৰ পিছত বৰুৱাক সাধাৰণ চোৰ, ডকাইত অথবা দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীৰ দৰে হেণ্ডকাফ লগোৱাৰ কথাই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ ফিৰিঙতিয়ে এতিয়া দুলীয়াজানত খান্দৱ দাহৰ সূচনা কৰাৰ আশংকাই দেখা দিছে৷ কিয়নো শংকৰজ্যোতি বৰুৱাৰ সমৰ্থনত এতিয়া জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, বীৰ লাচিত সেনা আদিৰ দৰে জাতীয়তাবাদী সংগঠনসমূহ ওলাই আহিছে৷ এনে সময়তে বহুতে এই বুলি চৰ্চা কৰিছে যে দুলীয়াজানত শেহতীয়াকৈ এনে জাতীয়তাবাদী মনোভাৱে বিধায়ক তেৰছ গোৱালাৰ দুৰ্গত কঁপনি তুলিছে৷

বিশেষ সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি শংকৰজ্যোতি বৰুৱাৰ গ্ৰেপ্তাৰৰ আঁৰত এক গভীৰ ৰাজনৈতিক ষড়যন্ত্ৰ লুকাই আছে৷ বহুতে এই বুলিও মন্তব্য কৰিছে যে এই ৰাজনৈতিক ষড়যন্ত্ৰৰ আঁৰত হয়তো বিধায়ক তেৰছ গোৱালাৰ প্ৰত্যক্ষ হাত আছে৷ সেই বাবেই তেওঁ কতৃৰ্পক্ষক টেলিফোন কৰি তেল ডিপোত সংঘটিত ঘটনাৰ তদন্ত বিচাৰি জোৰ দিছিল বুলি বহুতে মন্তব্য কৰিছে৷ নাম প্ৰকাশত অনিচ্চুক একাংশ লোকে প্ৰকাশ কৰা অনুসৰি দুলীয়াজান সমষ্টিত শেহতীয়াকৈ প্ৰাক্তন আছু নেতা শংকৰজ্যোতি বৰুৱাৰ প্ৰভাৱ ভালেখিনি বৃদ্ধি পাইছে৷ শংকৰজ্যোতি বৰুৱাৰ ঘৰ হৈছে নাওহোলা মৌজাৰ দুই নং বৰকলাত৷ একেদৰে বিধায়ক তেৰছ গোৱালাৰো ঘৰ হৈছে একেটা পঞ্চায়তৰে নাওহলীয়াত৷ শেহতীয়াকৈ বিশেষ সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি তেৰছ গোৱালাৰ বাবে প্ৰধান ৰাজনৈতিক প্ৰতিদ্বন্দ্বী হৈ পৰিছে প্ৰাক্তন আছু নেতা শংকৰজ্যোতি বৰুৱা৷ শংকৰজ্যোতি বৰুৱাই এতিয়াও আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰা নাই যদিও তেওঁ শীঘ্ৰেই বিজেপিত যোগদান কৰিব বুলি বিভিন্নজনে মন্তব্য কৰিছে৷ এনে পৰিস্থিতিত যদি শংকৰজ্যোতি বৰুৱাই বিজেপিত যোগদান কৰে তেন্তে তেৰছ গোৱালাৰ বাবে ২০২৬ৰ বিধানসভা নিৰ্বাচনত গেৰুৱা দলৰ পৰা টিকট পোৱাটো বৰ সহজ নহ’ব বুলি বিভিন্নজনে মন্তব্য কৰিছে৷ কিয়নো খোদ চাহ জনগোষ্ঠীৰ মাজতে এতিয়া তেৰছ গোৱালাৰ জনপ্ৰিয়তাৰ গ্ৰাফডাল ক্ৰমান্বয়ে নিম্নগামী হোৱা বুলি বিভিন্নজনে চৰ্চা কৰিছে৷

ইয়াৰ বিপৰীতে শংকৰজ্যোতি বৰুৱাই সমষ্টিটোৰ চাহ জনগোষ্ঠীটোৰ লগতে গোৰ্খা সম্প্ৰদায়ৰ মাজতো বিশেষ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হোৱা বুলি বহুতে আলোচনা কৰিছে৷ শংকৰজ্যোতি বৰুৱাই ইতিমধ্যে ইয়ুথ ক্লাব খুলি যুৱ প্ৰজন্মক বাৰুকৈয়ে আকৃষ্ট কৰিবলৈ সক্ষম হৈছে বুলিও বহুতে মন্তব্য কৰিছে৷ একেদৰে নিজৰ ভেটি সবল কৰিবলৈ শংকৰজ্যোতি বৰুৱাই দুখীয়া ছাত্ৰ-ছাত্ৰীক চাইকেল আদি প্ৰদান কৰাৰ লগতে গাঁঠিৰ ধন ভাঙি আৰ্থিক সাহায্যও প্ৰদান কৰি অহা বুলি সৰ্বত্ৰে এতিয়া আলোচনা হৈছে৷ কেৱল সেয়াই নহয় বিধায়ক তেৰছ গোৱালাৰ ঘৰৰ সমীপতে উদ্বোধন কৰা এটা প্ৰতিমূৰ্তিৰ উদ্বোধনী অনুষ্ঠানলৈ তেৰছ গোৱালাক নিমন্ত্ৰণ কৰাৰ সলনি শংকৰজ্যোতি বৰুৱাকহে নিমন্ত্ৰণ কৰাৰ কথাই চাহ জনগোষ্ঠীৰ মাজতো যে তেৰছ গোৱালাই জনপ্ৰিয়তা হেৰুৱাইছে তাকেই প্ৰমাণ কৰা বুলি বহুতে আলোচনা কৰিছে৷ সেয়ে আউসীৰ ধাৰ পূৰ্ণিমাত শুজিবলৈ তেৰছ গোৱালাই প্ৰাকে প্ৰকাৰন্তে শংকৰজ্যোতি বৰুৱাক তেল ডিপোৰ ঘটনাৰ গোচৰত গ্ৰেপ্তাৰ কৰোৱাই হেণ্ডকাফ লগোৱাৰ দৃশ্য চাই আত্মতৃপ্তি লভা বুলি বিভিন্নজনে তাৎপৰ্যপূৰ্ণভাৱে মন্তব্য কৰা পৰিলক্ষিত হৈছে৷ লক্ষণীয় কথাটো হ’ল এক বিশেষ সূত্ৰই প্ৰকাশ কৰা অনুসৰি দুলীয়াজানৰ শেহতীয়া ঘটনাৱলীক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুঠেও সুখী নহয়৷

সেই বাবেই তেওঁ তেৰছ গোৱালাক একপ্ৰকাৰ ধমকি দিয়া বুলিও সূত্ৰটোৱে প্ৰকাশ কৰিছে৷ অৱশ্যে তেৰছ গোৱালাই তেনে ধমকিৰ বাবেই হওক বা আন কোনো কাৰণতেই হওক এতিয়া শংকৰজ্যোতি বৰুৱাৰ গ্ৰেপ্তাৰৰ আঁৰত যে তেওঁৰ কোনো হাত নাছিল সেই কথা বাৰম্বাৰ সংবাদ মাধ্যমৰ জৰিয়তে ক’বলৈ বাধ্য হোৱা বুলিও বহুতে এতিয়া চৰ্চা কৰিছে৷ যি কি নহওক বিধায়ক তেৰছ গোৱালাৰ ভেটিত কঁপনি তুলিবলৈ সক্ষম হোৱা শংকৰজ্যোতি বৰুৱাই পৰৱৰ্তী সময়ত কাৰাগাৰৰ পৰা ওলাই আহি কেনে ৰাজনৈতিক ৰণকৌশল ৰচনা কৰে সেয়া লক্ষণীয় হ’ব৷ বহুতে এই বুলিও আলোচনা কৰিছে যে শংকৰজ্যোতি বৰুৱাক কাৰাগাৰলৈ প্ৰেৰণ কৰি যেন গোৰ মাৰি তেওঁক গংগাতহে পেলোৱা হ’ল৷ অৱশ্যে সময়ত স্পষ্ট হ’ব দুলীয়াজানৰ ৰাজনৈতিক দৃশ্যপট কেনে হয়, কোন কাৰ পক্ষত থাকে আৰু কোনে গেৰুৱা বাহিনীৰ আস্থা অৰ্জন কৰিব পাৰে৷

Related Articles