Duliajan News: হোষ্টেলৰ ছাত্ৰীক অসৎ ইংগিত দি বিপদত বিপ্লৱ দাস

হোষ্টেলৰ ছাত্ৰীক অসৎ(Duliajan News)ইংগিত দি বিপদত বিপ্লৱ দাস নামৰ এজন যুৱক। ছাত্ৰী নিৱাসৰ খিৰিকীলৈ শিলগুটি দলিয়াই বিপ্লৱ দাসে দিয়ে অসৎ ইংগিত। উত্তেজিত ছাত্ৰীয়ে কৰায়ত্ব কৰি দিলে এসেকা, তাকে লৈ নিশা দুলীয়াজানত উত্তপ্ত পৰিস্থিতি।

দীৰ্ঘ দিনৰ পৰা কেইগৰাকীমান দুস্কৃতিকাৰীয়ে ছাত্ৰী নিৱাসৰ পাছফালে গৈ প্ৰথমে খিৰিকিলৈ শিলগুটি দলিয়াই, সুহুৰী মাৰি ছাত্ৰীসকলক অশ্লীল ইংগীত দি আহিছিল। কেতিয়াবা নিজৰ পেণ্ট খুলি শৰীৰৰ গোপনীয় অংগ দেখুৱাইছিল। শনিবাৰে নিশা দুস্কৃতিকাৰীক দুলীয়াজান মহাবিদ্যালয়ৰ ছাত্ৰাবাসৰ ছাত্ৰ আৰু ছাত্ৰী নিবাসৰ ছাত্ৰী আৰু স্থানীয় ৰাইজে এটা দুস্কৃতিকাৰীক হাতে-লোটে আটক কৰিবলৈ সক্ষম হয়।

যুৱকজনে ব্যৱহাৰ কৰা AS06 Z 7683 বগা ৰঙৰ SUV 500 এখন বিলাসী বাহন আৰক্ষীয়ে জব্ধ কৰে। ধৃত যুৱক ডিব্ৰুগড় জিলাৰ জয়পুৰ নগাঘাট তান্তি পথাৰ অঞ্চলৰ বিপ্লব দাস বুলি জানিবলৈ পৰা গৈছে। শেহতীয়াকৈ ঘটনাস্থলীত দুলীয়াজান আৰক্ষী উপস্থিত হৈ পৰিস্থতি নিয়ন্ত্ৰণ কৰে। ধৃত যুৱকজনক ৰাইজৰ ৰোষৰ পৰা ৰক্ষা কৰি দুলীয়াজানত আৰক্ষী থানাত জেৰা অব্যাহত ৰাখিছে।

Related Articles