বিধায়ক তেৰচ গোৱালাৰ দুলীয়াজান(Duliajan news)সমষ্টিত প্ৰকৃততে হৈছে কি? এটাৰ পাছত আনটো সাম্প্ৰদায়িক ঘটনাই চাঞ্চল্যই সৃষ্টি কৰিছে দুলীয়াজান সমষ্টিত। দুলীয়াজান সমষ্টিত দম-দাদাগিৰিৰে ৩০ বিঘাতকৈ অধিক চাহ বাগিচা দখলৰ চেষ্টা কৰাৰ অভিযোগ!
টেঙাখাত থানাৰ অন্তৰ্গত কামুহাট হাবিগাঁৱত দিন ডকাইত ৰূপী জনগোষ্ঠীৰ স্থানীয় দুৰ্বৃত্তৰ বেদখলৰ অভিযোগ। নিজৰ ম্যাদী ভূমিত চাহপাত চিঙিব নোৱাৰে চাহ বাগিছাৰ স্বত্বাধিকাৰীয়ে। গোচৰ দিয়াৰ পিছতো আৰক্ষীয়ে সহায় নকৰাত প্ৰাণৰ শংকাত মুখ্যমন্ত্ৰীলৈ সহায় বিচাৰি আহ্বান পৰিয়ালটোৰ।
দুলীয়াজান সমষ্টিত একাংশ দুস্কৃতিকাৰীৰ ভয়ংকৰ বেদখলৰ বাবে নিজৰ ম্যাদী ভূমিত থকা চাহ বাগিছাত বাগিছাৰ গৰাকীয়ে চাহপাত চিঙিব নোৱাৰা ঘটনাই সমগ্ৰ অঞ্চলটোৰ ৰাইজক চিন্তিত কৰি তুলিছে । টেঙাখাত থানাৰ চাবুৱা ৰাজহ চক্ৰৰ অন্তৰ্গত কামুহাট হাবিগাঁৱত চাবুৱাৰ কন্দৰ্প গোঁহাই নামৰ ব্যক্তিজনৰ ১৯৯৭ চনতে প্ৰতিষ্ঠা হোৱা প্ৰায় ৩৯ বিঘাৰ চাহ বাগিছা একাংশ দিন ডকাইত ৰূপী দুস্কৃতিকাৰীয়ে দাবী ধমকি ভাবুকিৰে বেদখল কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।
উল্লেখ্য যে দুলীয়াজান বিধানসভা সমষ্টিৰ অন্তৰ্গত টেঙাখাট আৰক্ষী থানাৰ অধীনৰ সম্পূৰ্ণ ম্যাদী মাটিৰ এখন চাহ বাগিছা আজি প্ৰায় ২ বছৰ আগৰে পৰা একাংশ দুস্কৃতিকাৰীয়ে বেদখলৰ অপচেষ্টা চলাই আহিছিল কিন্ত প্ৰশাসন আৰু ন্যায়ালয়ৰ হস্তক্ষেপত মালিক পক্ষ ৰক্ষা পৰিছিল কিন্ত পুনৰ কেইদিনমানৰ আগৰ পৰা বেদখলকাৰী সকলে দাবী ধমকিৰে চাহপাত চিঙি বিক্ৰী কৰি থকাত অৱশেষত সংবাদ মাধ্যমৰ কাষ চাপিবলৈ বাধ্য হ’ল দুৰ্ভগীয়া বাগিছা খনৰ মালিক কন্দৰ্প গোঁহাই, তেঁও সংবাদমাধ্যমক জনোৱা অনুসৰি সাম্প্ৰদায়িক ৰূপ দি বেদখলকাৰী সকলে মাটি দখলৰ ভয়ংকৰ ব্লুপ্ৰিন্ট ৰচনা কৰিছে।
তেঁও লগতে ৰাজনৈতিক প্ৰভাৱৰ বাবে আৰক্ষীয়েও এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহন কৰিবলৈ আগবাঢ়ি নাহে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে।
সততেই জাতি মাটি ভেটিৰ শ্লগান দি থকা এই চৰকাৰৰ দিনত এগৰাকী খিলঞ্জীয়া ভূমিপুত্ৰই নিজৰ কষ্টোপাৰ্জিত ফচল খিনিৰ বাবে যুঁজ দিব লগা হোৱা ঘটনাই বৃহত্তৰ দুলীয়াজান আৰু চাবুৱা অঞ্চলৰ সচেতন লোক সকলক চিন্তিত কৰি তুলিছে।
কন্দৰ্প গোঁহাইৰ পৰিয়াললৈ ভয়াবহ ভাবুকি অহাৰ কথা উল্লেখ কৰি সংবাদ মাধ্যমৰ যোগেদি জীৱনৰ নিৰাপত্তা বিচাৰি মুখ্যমন্ত্ৰীলৈ কাতৰ আহ্বান জনায় কন্দৰ্প গোঁহাইৰ পত্নীয়ে।