Duliajan News: দুলীয়াজানৰ বি এন সিং পেট্ৰ’ল ডিপো বন্ধ কৰি দিলে প্ৰশাসনে

সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন(Duliajan News)সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক গেপ্তাৰ কৰাক লৈ দুলীয়াজানত উত্তাল প্ৰতিবাদ। দুলীয়াজানত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ডিব্ৰুগড়, তিনিচুকীয়া আৰু চৰাইদেউ জিলা সমিতিৰ শতাধিক কৰ্মীয়ে প্ৰতিকুল বতৰক নেওচি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। পেট্ৰল পাম্পত মাৰপিট কৰা ঘটনাক লৈ দেওবাৰে নিশা দুলীয়াজানৰ পৰা আটক কৰি জেৰাৰ অন্তত সোমবাৰে গ্ৰেপ্তাৰ কৰা শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফ লগাই ডিব্ৰুগড়ৰ ন্যায়িক আদালতলৈ নিয়াক লৈ বিভিন্নজনে আৰক্ষীক সামাজিক মাধ্যমত কৰিছে সমালোচনা। আনকি সমগ্ৰ বিষয়টোৱে ৰাজ্যত প্ৰতিক্ৰিয়া সৃষ্টি কৰাত মুখ্যমন্ত্ৰীয়ে ডিব্ৰুগড় আৰক্ষীক শংকৰজ্যোতি বৰুৱাৰ হাতৰ পৰা হেণ্ডকাফ আতৰাবলৈ নিৰ্দেশ দিছিল । আৰক্ষীয়ে আছুৰ প্ৰাক্তন নেতা জনক দাগী অপৰাধিৰ দৰে ব্যৱহাৰ কৰাত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ।

ঘটনা সংঘটিত হোৱা বি. এন সিং মালিকানাধীন পেট্ৰল ডিপোটোৰ লীজ বাতিলৰ দাবী:- অইল ইণ্ডিয়া লিমিটেডে প্ৰদান কৰি ৰখা বি. এন সিং মালিকানাধীন পেট্ৰল ডিপোটোৰ লীজ বাতিলৰ দাবীত অইলৰ মুখ্য প্ৰশাসনিক কাৰ্যালয়ৰ সন্মুখত এই প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ডিব্ৰুগড়, তিনিচুকীয়া আৰু চৰাইদেউ জিলা সমিতিয়ে। কিয়নো শণিবাৰে দুলীয়াজান আৰক্ষী থানাৰ কাষতে অৱস্থিত বি.এন.সিঙ পে’ল্টল পাম্প চাৰ্ভিচ ষ্টেচনত সংঘটিত হৈছিল প্ৰচণ্ড মাৰপিটৰ ঘটনা। এই ঘটনাত পে’ট্ৰল পাম্পটোৰ কৰ্মচাৰী তানু চাহি,নৱজিৎ চাহি,ৰাজ সিং আৰু অজয় যাদৱ আহত হয় হৈছিল। গুণ্ডা বাহিনীৰ আক্ৰমণত নাম সাঙোৰ খাইছিল আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ। এই পেট্ৰল পাম্প স্থাপন কৰিবলৈ বহিঃ ৰাজ্যৰ ব্যৱসায়িক জনক ভূমি লীজত দিছে অইল ইণ্ডিয়া কৰ্তৃপক্ষই। সেয়ে বি. এন সিং মালিকানাধীন পেট্ৰল ডিপোটোৰ লীজ বাতিলৰ দাবীত আজি প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৰ নেতা কৰ্মী সকলে ।

আইল ইণ্ডিয়া কৰ্তৃপক্ষই অসমত অনা অসমীয়াক প্ৰতিষ্ঠান চলাবলৈ বৰপীৰা পাৰি দিছে :-

প্ৰতিবাদী কাৰ্যসূচীৰ নেতৃত্ব বহন কৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ডিব্ৰুগড় জিলাৰ সভাপতি উদয়ন বৰুৱাই কয়, “আৰক্ষীয়ে শংকৰজ্যোতি বৰুৱাক দাগী অপৰাধিৰ দৰে ব্যৱহাৰ কৰাত গৰিহণা জনাইছো। আইল ইণ্ডিয়া কৰ্তৃপক্ষই অসমত অনা অসমীয়াক প্ৰতিষ্ঠান চলাবলৈ বৰপীৰা পাৰি দিছে। এই নীতি অইল ইণ্ডিয়াই বন্ধ কৰিব লাগিব। অসমীয়াৰ লগত মিলি ইয়াত প্ৰতিষ্ঠান চলালে আমাৰ ক’ব লগা নাছিল। কিন্তু অসমীয়াৰ ওপৰত মাধমাৰ শোধাই যি কাম কৰাৰ চেষ্টা চলাইছে তাক আমি ধিক্কাৰ জনাইছো। অইলে বহিৰাগতক যি নিবিদা দিছিল তাক বাতিল কৰিবলৈ আহ্বান জনাইছো। আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক আক্ৰোশমূলক ভাৱে জেললৈ আৰক্ষীয়ে প্ৰেৰণ কৰিছে তাক আমি গৰিহণা দিছো লগতে তেওঁক মুকলি কৰি দিবলৈ আহ্বান জনাইছো । নহ’লে ইয়াতকৈ ভয়ংকৰ গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিম বুলি হুংকাৰ প্ৰদান কৰে সভাপতি গৰাকীয়ে।

অসম চৰকাৰ আৰু অসম আৰক্ষী বৰ্তমান নাগপুৰৰ আশীষ ধন্য হৈ চলি আছে :-

দুলীয়াজান অইলৰ মুখ্য প্ৰশাসনিক কাৰ্যালয়ৰ সন্মুখত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ডিব্ৰুগড়, তিনিচুকীয়া আৰু চৰাইদেউ জিলা সমিতিয়ে কৰা প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সহ- সম্পাদক
শিৱ কলিতাই কয়, “বি.এন.সিঙ পে’ল্টল পাম্প চাৰ্ভিচ ষ্টেচনত যি লীজত দিয়া প্ৰক্ৰিয়া আছিল তাক বাতিল কৰিব লাগে। অইল ইণ্ডিয়া কৰ্তৃপক্ষই এই পেট্ৰল পাম্প বন্ধ কৰাৰ লগতে অইল ইণ্ডিয়াৰ আঁচনি সমূহ অসমৰ ৰাইজৰ সুবিধা হোৱাকৈ কাৰ্যকৰী কৰিব লাগিব।

বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদত দুলীয়াজানৰ বি এন সিং পেট্ৰ’ল ডিপো বন্ধ কৰি দিলে প্ৰশাসনে। ঘটনা সন্দৰ্ভত ন্যায়িক তদন্ত ঘোষণা প্ৰশাসনৰ।

Related Articles