বি এন সিং পেট্ৰল পাম্পৰ(Duliajan News) বৰ্তমানৰ স্বৰ্তাধিকাৰী কিৰণ শ্বাহীৰ কন্যা তনু শ্বাহীৰ বিৰুদ্ধে দুলীয়াজান আৰক্ষী থানাত বিভিন্ন দল-সংগঠনৰ এজাহাৰ।
তিনিদিনৰ ভিতৰত তনু শ্বাহীক গ্ৰেপ্তাৰ নকৰিলে পৰৱৰ্তী সময়ত বিভিন্ন দল সংগঠনে দুলীয়াজান বন্ধৰ কাৰ্য্যসূচী হাতত ল’ব বুলি মন্তব্য অসমীয়া মহিলা মঞ্চৰ।
২৩ মে’ত দুলীয়াজান বন্ধৰ হুংকাৰ দল-সংগঠনৰ।
বি এন সিঙৰ কন্যা তনু শ্বাহীৰ বিৰুদ্ধে ১০খন এজাহাৰ দাখিল কৰিছে দল-সংগঠনে
অসমীয়া জাতিক কৰা অপমানসূচক মন্তব্যৰ বাবে এজাহাৰ দাখিল
‘সব ফ্রী মে খানে ৱালা আদমী হ্যে, সব দালাল হ্যে’ অসমীয়াক উদ্দেশ্যি এনেধৰণৰ অপমানসূচক মন্তব্য কৰিছিল তনু শ্বাহীয়ে
ইফালে প্ৰাক্তন আছুনেতা শংকৰজ্যোতি বৰুৱাক আৰক্ষী প্ৰশাসনে বিধি উলংঘা কৰি হাতত হেণ্ডকাফ লগোৱা কাৰ্য্যক গৰিহনা দি ১০টা কৈ সংগঠনে স্মাৰকপত্ৰ প্ৰদান কৰে সম জিলা আয়ুক্তক।