ড্ৰাগছৰ বিৰুদ্ধে দুলীয়াজান আৰক্ষীৰ মাৰাথান অভিযান অব্যাহত : অধিবক্তাসহ তিনিজনক আটক

পুণৰ ড্ৰাগছৰ বিৰুদ্ধে দুলীয়াজান আৰক্ষীৰ অভিযান । অভিযানত এগৰাকী অধিবক্তাসহ তিনিজনক আটক কৰিবলৈ সক্ষম হয় । ধৃত অধিবক্তাগৰাকী হৈছে তিনিচুকীয়া জিলাৰ ডিগবৈ বঙালী বালিজান গাঁৱৰ প্ৰয়াত নিৰ্মল চন্দ্ৰ বৰুৱাৰ পুত্ৰ চৈতেন্দ্ৰ বৰুৱা(৩৩) । অন্য দুগৰাকী তিনিচুকীয়া জিলাৰ ডিগবৈ মাকুম বৰতৰানী গাঁৱৰ ভদ্ৰেশ্বৰ মৰাণৰ পুত্ৰ বিতুপন মৰাণ(২৫) আৰু দুলীয়াজান কৃষ্ণ নগৰৰ পৰমা বৰুৱাৰ পুত্ৰ ওম প্ৰকাশ বৰুৱা(২২) বুলি জানিব পৰা গৈছে । প্ৰাপ্ত খবৰ অনুসৰি প্ৰথমে আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি দুলীয়াজানৰ ওম প্ৰকাশ বৰুৱাক আটক কৰে । ধৃত যুৱকজনে দুলীয়াজান আৰক্ষীক প্ৰদান কৰা স্বীকাৰোক্তি অনুসৰি ডিগবৈ আৰু মাকুমত অভিযান চলাই অধিবক্তাসহ দুজনক আটক কৰিবলৈ সক্ষম হয় । ধৃত অধিবক্তা গৰাকীৰ কৱলৰ পৰা আৰক্ষীয়ে হি’ৰইনসহ ড্ৰাগছ সেৱন কৰা সময়ত প্ৰয়োজনীয় কেতবোৰ আপত্তিজনক সা-সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয় । শেহতীয়াকৈ আৰক্ষীয়ে ঘটনা সৰ্ন্দভত এক গোচৰ ৰুজু কৰি ধৃত তিনিগৰাকীক ডিব্ৰুগড় কাৰাগাৰলৈ নিক্ষেপ কৰে ।

Related Articles