Dulu Ahmed:পংকজ পাঠকৰ ওপৰত ‘মিথ্যাচাৰৰ’ অভিযোগ দুলু আহমেদৰ

ডিজিটেল ডেস্ক: Dulu Ahmed তৃণমূল কংগ্ৰেছৰ (TMC) অসম প্ৰদেশ সমিতিৰ জ্যেষ্ঠ উপ-সভাপতি দুলু আহমেদে আচাৰ্য পংকজ পাঠকৰ ওপৰত তীব্ৰ সমালোচনা কৰি তেওঁৰ ওপৰত মিথ্যাচাৰৰ অভিযোগ আনিছে। দুলু আহমেদে স্পষ্টকৈ কয়, “পংকজ পাঠকে মিথ্যাচাৰৰ আশ্ৰয় লৈছে। পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে তেওঁক কোনো ধৰণৰ আমন্ত্ৰণ জনোৱা নাই।”

দুলু আহমেদে অভিযোগ কৰে যে পংকজ পাঠকে মমতা বেনাৰ্জীৰ নাম অপব্যৱহাৰ কৰি অসমবাসীক বিভ্ৰান্ত কৰাৰ চেষ্টা কৰিছে। তেওঁ সতৰ্কবাণী দিয়ে, “ভুৱা মন্তব্যৰে জনসাধাৰণক বিপথে নিওঁতা অপৰাধৰ সমান। মুখ্যমন্ত্ৰীৰ নাম ব্যৱহাৰ কৰি নিজৰ স্বাৰ্থ উদ্ধাৰৰ চেষ্টা কৰি আছে পংকজ পাঠক।”

সেই সৈতে আহ্বান জনায় যে, “অসম চৰকাৰে এই ধৰণৰ ভুৱা প্ৰচাৰৰ বিৰুদ্ধে বিহীত ব্যৱস্থা ল’ব লাগিব।”

উল্লেখযোগ্য যে, এই মন্তব্যৰ আগতে দুলু আহমেদে নিজেই সংবাদ মাধ্যমত কৈছিল যে পশ্চিম বংগৰ মুখ্যমন্ত্ৰীয়ে পংকজ পাঠকক আমন্ত্ৰণ জনাইছে। তেতিয়া তেওঁ কৈছিল, “মমতা বেনাৰ্জীয়ে পংকজ পাঠকক আমন্ত্ৰণ জনোৱা এটা ডাঙৰ কথা। অসমৰ প্ৰতি ভাল ভাৱ থকাৰ বাবে পশ্চিম বংগৰ নিচিনা ৰাজ্যত তেওঁক আমন্ত্ৰণ জনাইছে।”

তদুপৰি, দুলু আহমেদে কৈছিল, “কালিৰ ঘটনাৰ পিছত অসমত পংকজ পাঠক সুৰক্ষিত নহ’ব পাৰে বুলি চিন্তা কৰি তেওঁক পশ্চিম বংগত মাতি পঠিয়াইছে। এতিয়ালৈ মমতা বেনাৰ্জীৰ লগত কথা হোৱা নাই, কিন্তু যদি কিবা নিৰ্দেশ দিয়ে, আমি তেওঁক সকলো সহায় আগবঢ়াম।”

কিন্তু এতিয়া নিজৰ আগৰ মন্তব্যৰ বিপৰীতে গৈ দুলু আহমেদে পংকজ পাঠকৰ ওপৰত তীব্ৰ সমালোচনা কৰে আৰু মুখ্যমন্ত্ৰীৰ নাম লোৱা বন্ধ কৰিবলৈ সতৰ্কবাণী দিয়ে। ঘটনাটোৱে অসম আৰু পশ্চিম বংগৰ ৰাজনৈতিক পৰিসৰলৈ পুনৰ এখন বিতৰ্কৰ ক্ষেত্ৰ উন্মুক্ত কৰিছে।

Related Articles