Durga Puja 2025: বিৰহ, বেদনা, শোকৰ মাজতে আৰম্ভ শাৰদীয় দুৰ্গা পূজা…

আজিৰ পৰা আৰম্ভ হৈছে (Durga Puja 2025) শাৰদীয় দুৰ্গা পূজা৷ পূৰ্বৰ দৰে এইবাৰ ৰাইজৰ মাজত উছাহ কম৷ অসমৰ জনকণ্ঠ জুবিন গাৰ্গৰ মৃত্যুৱে সকলোকে মৰ্মাহত কৰি ৰাখিছে৷ জুবিন গাৰ্গৰ মৃত্যুৰ আজি দহ দিন হোৱাৰ পিছতো অসমবাসীয়ে পাহৰিব পৰা নাই জুবিন গাৰ্গক হেৰুওৱাৰ বেদনা৷ এতিয়া কেৱল চৌদিশে ধবনিত হৈছে– ‘জুবিন হত্যাৰ ন্যায় লাগে৷’ এনে বিৰহ-বেদনা, শোকাকুল পৰিৱেশৰ মাজেৰে আজিৰ পৰা অনুষ্ঠিত হৈছে শাৰদীয় দুৰ্গা পূজা৷ কিন্তু শাৰদীয় উৎসৱৰ সেই আনন্দ এইবাৰ নাই৷ তাৰ মাজতে সমগ্ৰ ৰাজ্যখনৰ লগতে নগাঁও জিলাতো মহিষমৰ্দিনী দুৰ্গা পূজা অনুষ্ঠিত হৈছে ৷ এইবাৰ নগাঁও জিলাত চাৰিশতাধিক পূজা মণ্ডপত পূজা উদ্‌যাপিত হৈছে৷ তদুপৰি জিলাখনৰ ২৫খনৰো অধিক চাহ বাগিচাত উদ্‌যাপিত হৈছে দুৰ্গা পূজা৷ অকল নগাঁও চহৰত শতাধিক মণ্ডপত দুৰ্গা পূজা অনুষ্ঠিত কৰা হৈছে৷ নগাঁও চহৰখনৰ সকলোবোৰ পূজা মণ্ডপ আটকধুনীয়াকৈ সজাই-পৰাই তোলা হৈছে৷ নগাঁও চহৰৰ দুখন পূজা সমিতিয়ে ইতিমধ্যে ১৫০ বছৰৰ অধিক কাল অতিক্ৰম কৰিছে৷ এই দুই পূজা হ’ল চহৰখনৰ খ্ৰীষ্টানপট্টীৰ বেলতলাৰ জানকী নাথ সেন পৰিয়ালৰ ১৭৬ সংখ্যক দুৰ্গা পূজা আৰু উত্তৰ হয়বৰগাঁৱৰ বীণাপাণি পূজা সমিতিৰ ১৫৬সংখ্যক দুৰ্গা পূজা৷ চহৰখনৰ বাংগালী সন্মিলনীৰ উদ্যোগত ১৩২সংখ্যক দুৰ্গা পূজা, আমোলাপট্টী পূজা উৎসৱ সমিতিৰ উদ্যোগত ১৩০সংখ্যক দুৰ্গা পূজা, ফৌজদাৰীপট্টী সাৰ্বজনীন দুৰ্গা পূজা উৎসৱ সমিতিৰ উদ্যোগত ১২৮সংখ্যক দুৰ্গা পূজা, পানীগাঁও কালীবাৰী দুৰ্গা পূজা সমিতিৰ ১০৪সংখ্যক দুৰ্গা পূজা অনুষ্ঠিত হৈছে৷

জিলাখনৰ শিলঘাট সাৰ্বজনীন দুৰ্গা পূজা সমিতিৰ ১২৫সংখ্যক, দক্ষিণপাটৰ দক্ষিণপাট আঞ্চলিক সাৰ্বজনীন বীণাপাণি দুৰ্গা পূজাই শতবৰ্ষ পূজা অনুষ্ঠিত কৰিছে৷ আনহাতে, নগাঁও চহৰৰ হিন্দুস্তানপট্টী সাৰ্বজনীন ঠাকুৰবাৰী দুৰ্গা পূজা সমিতিৰ ৯৬সংখ্যক, হয়বৰগাঁও বাংগালী পূজাবাৰী সমিতিৰ ৯৩সংখ্যক, নগাঁও পুলিচ ৰিজাৰ্ভ দুৰ্গা পূজা সমিতিৰ ৯৩সংখ্যক, এন এফ ৰে’লৱে পূজা সমিতিৰ ৮৫সংখ্যক, ছামাদ্দাৰপট্টী সাৰ্বজনীন পূজা সমিতিৰ ৭৮সংখ্যক, হয়বৰগাঁও ৰে’লৱে সাৰ্বজনীন কালী মন্দিৰত ৭৭সংখ্যক, কলংপাৰৰ নেপালী মন্দিৰ সাৰ্বজনীন পূজা সমিতিৰ ৭৩সংখ্যক, বিবেকানন্দ পল্লী শাৰদোৎসৱ সমিতিৰ ৭১সংখ্যক দুৰ্গা পূজা অনুষ্ঠিত কৰাৰ প্ৰস্তুতি চলিছে৷ ঠিক একেদৰে চহৰখনৰ শান্তিপুৰ যুৱক সমিতিৰ ৬৬সংখ্যক, দক্ষিণ হয়বৰগাঁও নাট্য সমিতিৰ ৬৬সংখ্যক, ইটানগৰ পূজা সমিতিৰ ৬৪সংখ্যক, চকীটুপ সাৰ্বজনীন দুৰ্গা পূজা সমিতিৰ ৬৪সংখ্যক, চীনাপট্টী ছোটহয়বৰ সাৰ্বজনীন দুৰ্গা পূজা সমিতিৰ ৬৪সংখ্যক, শ্ৰীকৃষ্ণাশ্ৰম দুৰ্গা পূজা সমিতিৰ ৬০সংখ্যক, পানীগাঁও দুৰ্গা মন্দিৰ পূজা সমিতিৰ ৬০সংখ্যক, শাস্ত্ৰী নগৰ পূজা সমিতিৰ ৫৯সংখ্যক, ডিমৰুগুৰি সাৰ্বজনীন দুৰ্গা পূজাৰ ৫৯সংখ্যক, জ্যোতি ফ্লাৱাৰ মিলৰ ৫৮সংখ্যক আৰু হয়বৰগাঁও বিজয়ী সংঘৰ ৫৮সংখ্যক দুৰ্গা পূজাৰো ব্যাপক প্ৰস্তুতি চলিছে৷ শ্ৰীমন্ত শংকৰ মিছন পথ সাৰ্বজনীন দুৰ্গা পূজাই এইবাৰ সোণালী জয়ন্তী বৰ্ষত পদাৰ্পণ কৰিছে ৷ নগাঁও চহৰৰ নতুন বজাৰ দুৰ্গা পূজা সমিতি, নাজিৰাজান, শনি মন্দিৰ পথ, খ্ৰীষ্টানপট্টী, লক্ষ্মীনগৰ, মৰিকলং, পানীগাঁও ছয়আলি, লাওখোৱা ৰোড তেলীয়াগাঁও আদিতো দুৰ্গা পূজা অনুষ্ঠিত হ’ব৷ ৩ লাখ টকাৰ পৰা ১৬ লাখ টকাপৰ্যন্ত পূজা সমিতিৰ বাজেট৷ কেইবাখনো দুৰ্গা পূজা সমিতিয়ে ৰাইজক আকৰ্ষণ কৰিবৰ বাবে অত্যাধুনিক কাৰুকাৰ্য, চমৎকাৰিতা, আলোকসজ্জা আদিৰ ব্যৱস্থা কৰিছে৷ চহৰখনৰ অন্যতম পুৰণি বীণাপাণি দুৰ্গা পূজা সমিতিয়ে নতুন আৰ্হিত পূজা মণ্ডপ নিৰ্মাণ কৰিছে৷ নগাঁও বাংগালী পূজা সমিতিয়ে সিন্ধুৰ পৰা লুইতলৈ ‘কেঁচা মাটিৰ গোন্ধ’ দৃশ্যাংশৰ লগতে বিভিন্ন দৃশ্যমান বিষয়েৰে পূজা মণ্ডপ নিৰ্মাণ কৰাৰ বিপৰীতে ছামাদ্দাৰপট্টী পূজা সমিতিয়ে প্ৰকৃতি বিষয়ক, ৰাজস্থানী পূজা সমিতিয়ে নতুন দিল্লীৰ ইণ্ডিয়া গে’ট আৰু লালকিল্লা আৰ্হিত পূজা মণ্ডপ নিৰ্মাণ কৰিছে৷

শনি মন্দিৰ পথ দুৰ্গা পূজা সমিতিয়ে ব্যতিক্ৰমী ৰূপত পূজা মণ্ডপ নিৰ্মাণ কৰিছে৷ আই টি আইৰ সমীপৰ শ্ৰীমন্ত শংকৰ মিছন সাৰ্বজনীন দুৰ্গা পূজা সমিতিয়ে প্ৰকৃতিৰ সৌন্দৰ্যৰ ৰূপ ৰূপান্তৰৰ প্ৰতিফলিত কৰি পূজাৰ মণ্ডপ নিৰ্মাণ কৰিছে৷ ৫২ বছৰত পদাৰ্পণ কৰা তেলিয়াপট্টীৰ মা কালী সংঘ পূজা সমিতিয়ে আদিবাসী সম্প্ৰদায়ৰ অতীজৰ পূজা প্ৰণালীৰ কাল্পনিক ৰূপক প্ৰতিফলিত কৰি ‘আদিবাসী সম্প্ৰদায় ব্যতিক্ৰম’ নামকৰণেৰে পূজাৰ মণ্ডপ নিৰ্মাণ কৰিছে৷ মধুপুৰ সাৰ্বজনীন শ্ৰীশ্ৰীদুৰ্গা পূজা সমিতিয়ে চলিত বৰ্ষত ভৰি দিছে৷ ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে তামিলনাডুৰ বিখ্যাত আদি যোগী শিৱৰ মূৰ্তি আৰু মন্দিৰৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে পূজা মণ্ডপ৷ নগাঁও জিলাৰ ৰণথলীত ডুগডুগী দশম বাৰ্ষিক পূজাখন অনুষ্ঠিত কৰা হৈছে৷ ব’য়িং ষ্টেলিনাৰ, সুনীতা উইলিয়ামছৰ মহাকাশ যাত্ৰা [২০২৪-২৫], মহাকাশ টেকন’লজী, অসমীয়া গহণাৰ জি আই আদিৰ আৰ্হিত ডুগডুগী পূজা মণ্ডপ নিৰ্মাণ কৰা হৈছে৷ উল্লেখ্য যে অসমীয়াৰ হিয়াৰ আমঠুস্বৰূপ জুবিন গাৰ্গৰ মহাপ্ৰয়াণত ৰাইজ শোকবিহবল হৈ থকাৰ বাবেই দুৰ্গা পূজাৰ আনন্দ-উল্লাস বহুখিনি ম্লান পৰিছে৷ অধিকাংশ পূজা সমিতিয়ে সাংস্কৃতিক কাৰ্যসূচী পৰিহাৰ কৰাৰ লগতে কেৱল পৰম্পৰাগত আধ্যাত্মিকতাৰ মাজেৰে অনুষ্ঠিত কৰিছে শাৰদীয় দুৰ্গা পূজা৷ বহুকেইখন পূজা সমিতিয়ে জুবিন গাৰ্গৰ শ্ৰদ্ধা?লি অনুষ্ঠানৰ আয়োজন কৰিছে৷ জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা?লি জনোৱাৰ উদ্দেশ্যে জিলাখনৰ প্ৰায়বোৰ পূজা মণ্ডপত জুবিন গাৰ্গৰ ফটো আঁৰি ৰাখিছে৷

Related Articles