চৌদিশে দূৰ্গা পূজাৰ ব্যাপক আনন্দ।পূজাৰ ব্যাস্ততাৰ মাজতে পথ উদ্বোধন বিধায়কৰ।সমগ্র দেশৰ লগতে অসমতো দূৰ্গা পূজাৰ ব্যাপক উচাহ পৰিলক্ষিত হৈছে। সকলোৱে পূজাক লৈ ভীষণ ব্যাস্ত। কিন্ত এই ব্যাস্ততাৰ মাজতে চিপাঝাৰৰ বিধায়ক পৰমানন্দ ৰাজবংশীয়ে কৰিলে পদ্মাথান দেৱালয়ত পথৰ উদ্বোধন।

উল্লেখ্য যে পদ্মাথান দেৱালয়ত এইবেলি অনুষ্ঠিত হোৱা ১০৫ সংখ্যক দূৰ্গাপূজাত উপস্থিত হৈ অসম দৰ্শন আঁচনিৰ অধীনত নিৰ্মাণ হোৱা পথটোৰ শুভ উদ্বোধন কৰে।
ছিপাঝাৰৰ পৰা ৰেজেক আহমেদৰ প্ৰতিবেদন