১১ অক্টোবৰৰ পৰা আৰম্ভ হ’ব দুৰ্গা পূজা

১১ অক্টোবৰৰ পৰা আৰম্ভ হ’ব দুৰ্গা পূজা।এইবাৰ দুৰ্গা পূজা আয়োজন কৰিব পাৰিব ৰাজ্যবাসীয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক’লে এইবাৰ দুৰ্গা পূজা হ’ব।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে,”ৰাজ্যখনত দুৰ্গা পূজা নিশ্চিতভাৱে উদযাপন কৰা হ’ব।কিন্তু সকলো ক’ভিড প্ৰটকল সম্পূৰ্ণৰূপে মানি চলিব লাগিব।সতৰ্কতাৰে অনুসৰণ কৰিব লাগিব ক’ভিড প্ৰটকল।উল্লেখযোগ্য যে,দ্বিতীয়বাৰৰ বাবে ক’ভিডৰ মাজতে সমগ্ৰ দেশতে দুৰ্গা পূজা আয়োজন কৰা হৈছে।দুৰ্গা পূজা উদযাপন সন্দৰ্ভত সমিতি আৰু মূৰ্তি নিৰ্মাতাসকলৰ মাজত যথেষ্ট অনিশ্চয়তা আছিল।কিন্তু মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ পিছত সকলোৱে কিছু পৰিমাণে সকাহ পাইছে।

Related Articles