দৈনন্দিন বাৰ্তা সেৱা, নগাঁওঃ হিন্দু আৰু মুছলিমৰ সম্প্ৰীতিৰ উৎকৃষ্ট নিৰ্দশন দাঙি ধৰি হিন্দু-মুছলিমৰ যৌথ প্ৰচেষ্টাত নগাঁও জিলাৰ বঢ়মপুৰত প্ৰাণ পাই উঠিছে কাঠৰ দুৰ্গা প্ৰতিমা। ধৰ্মীয় সংহতিৰ বিৰল নিদৰ্শন দাঙি ধৰি এগৰাকী হিন্দু আৰু এগৰাকী মুছলমান সম্প্ৰদায়ৰ শিল্পীয়ে যৌথভাৱে সাজি উলিয়াইছে কাঠৰ মা দূর্গাৰ প্ৰতিমাৰ লগতে লক্ষ্মী, সৰস্বতী, গণেশ আৰু কাৰ্তিকৰ সুন্দৰ প্ৰতিমূৰ্তি।
নৱম অসম আৰক্ষী বাহিনীৰ পংকজ মহন্ত আৰু তেওঁৰ সহযোগী মনি আহমেদৰ প্ৰায় ১১ মাহৰ নেৰানেপেৰা প্ৰচেষ্টাত পূৰ্ণতা লাভ কৰা প্ৰতিমূৰ্তিত কেৱল চেচু আৰু মহা নীম গছৰ কাঠ ব্যৱহাৰ কৰা হৈছে। প্ৰতিমূৰ্তি নিৰ্মানৰ সময়ত দুই ধৰ্মৰ মাজত সমন্বয় গঢ়ি তুলিছে এক মহামিলনৰ সেতু। সৈনিক জীৱনৰ এৰাব নোৱাৰা কৰ্তব্যৰ মাজতো দুই শিল্পীৰ মহান প্ৰয়াসত সৃষ্টি হোৱা মাৰ প্ৰতিমা সচাঁ অৰ্থত প্ৰাণ পাই উঠিব যদিহে মানুহে প্ৰচলিত ধৰ্মীয় সংকীৰ্ণতা পৰিহাৰ কৰি মানৱ ধৰ্মৰ জয়গান গায় এয়াই শিল্পীৰ আহ্বান, সময়ৰ আহ্বান।
উল্লেখ্য কৰিব পাৰি যে কাঠৰ দুৰ্গা প্ৰতিমাতে বিগত বৰ্ষ সমূহৰ দৰে এইবাৰো সম্পূৰ্ণ কভিদ প্ৰটকল মানি আজিৰ পৰা অনুষ্ঠিত হৈছে শাৰদীয় দুৰ্গোৎসৱ। ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে নৱম আৰক্ষী বাহিনীয়ে ।

