আজি মহা অষ্টমী, পূৰ্বৰ দৰে নাই আনন্দ-উল্লাহ

দৈনন্দিন বাৰ্তা সেৱাঃ কোৰোনাৰ ভয়াবহতাৰ মাজতে শুক্ৰবাৰে কালৰাত্ৰি ৰূপত পূজিত হ’ল দেৱী দূৰ্গা। সপ্তমী উপলক্ষে ৰাজ্যৰ লগতে দেশৰ শক্তিপীঠ, দেৱীপীঠ, দেৱালয় সহমূত ভিন্ন প্ৰকাৰৰ বলি-বিধান সম্পন্ন কৰা হল যদিও মহামাৰীৰ বাবে দেখা নগল ৰাজহুৱা বলি বিধান। বৈদিক ৰীতি নীতিৰে দেৱী দুৰ্গাৰ নৱপ্ত্ৰিকা প্ৰৱেশ, স্থাপন আৰু সপ্তমাদি কল্পাৰম্ভ আৰম্ভ কৰ হয়।

পঞ্জিকাৰ নিয়ম অনুসৰি শুক্ৰবাৰে পুৱা ৮বাজি ১৭ মিনিট ৪৩ ছেকেণ্ডৰ ভিতৰত দেৱীৰ নৱপত্ৰিকা প্ৰৱেশ, স্থাপন আৰু সপ্তমী বিহিত পুজা আৰম্ভ হয়। আনহাতে নিশা ১০ বাজি ৪৫ মিনিট ৩৮ ছেকেণ্ড যোৱাৰ পৰা ১১ বাজি ৩৩ মিনিট ৩৮ ছেকেণ্ডৰ বিতৰত দেৱীৰ অৰ্ধৰাত্ৰ বিহিত পূজা সমাপন কৰা হয়। এইবাৰ পূজা উপলক্ষে ৰাইজৰ মাজত নাই বিগত বৰ্ষসমূহৰ দৰে উচাহ-উদ্দীপনা।

আনহাতে কোৰোণাৰ বাবে ম্লাণ পৰা পূজা, সপ্তমীৰ দিনা ঠাই বিশেষে হোৱা বৰষুণেও আকৌ সেমেকাই পেলাইছে। শুক্ৰবাৰে অসমৰ প্ৰান্তে প্ৰান্তে বৰষুণ। ক’ৰবাত পাতলীয়া, ক’ৰবাত ধাৰাসাৰ। গুৱাহাটী মহানগৰীতো সেই একেই পৰিৱেশ। সপ্তমীৰ দৰে অষ্টমীটো শক্তিপীঠ সমূহত ৰাজহুৱা বলি বিধানৰ পৰিবৰ্তে আয়োজক সমিতি সমূহে পালন কৰিব বলি-বিধানৰ নিয়ম।

শাৰদীয় দুৰ্গা পূজা উদযাপনৰ আয়োজক কমিটি সমূহে স্বাস্হ্য বিভাগ আৰু চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া নীতি নয়ম মানি চাবোনেৰে হাত ধুই, হাতত চেনিটাইজাৰ ব্যৱহাৰ কৰি পূজাত অহা মাৰ ভক্ত সকলক পূজাস্হলীত সামাজিক দূৰত্ব বজাই ৰাখিবলৈ আৰু মাক্স পৰিধান কৰিবলৈ আহ্বান জনাইছে৷

Related Articles