হোটেল ভিভান্টাত অনুষ্ঠিত হোৱা ই. আই. আই. এল. এম. কলিকতাৰ ‘North East Leadership Award 2024’ ঘোষণা…

গুৱাহাটীৰ হোটেল ভিভান্টাত অনুষ্ঠিত হোৱা ই. আই. আই. এল. এম. কলিকতাৰ ‘North East Leadership Award 2024’ ঘোষণা কৰা হয়। শোণিতপুৰ জিলাৰ দৰং মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ পলাশমণি শইকীয়াই ‘ Hall of Fame’ শিতানত বাণিজ্য বিভাগৰ অধ্যাপক ড০ মনোজ কুমাৰ হাজৰিকা ‘ Pride of the Profession ‘ শিতানত, বাণিজ্য বিভাগৰ আন এজন অধ্যাপক ড০ দীপাঞ্জণ চক্ৰৱৰ্তী ‘Best Faculty ‘ শিতানত বঁটা লাভ কৰি মহাবিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনে। লগতে ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত শিক্ষয়িত্ৰী মীনাক্ষী গোস্বামী আৰু তেজপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ জ্যোতিকমল হাজৰিকাকো জনোৱা হয় সম্বৰ্ধনা।

দৰং মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা উইচডম অকাডেমিৰ স্বতাধিকাৰী তাজ উদ্দিন আহমেদক শিক্ষা ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে বঁটা প্ৰদান কৰে। হোটেল ভিভান্টাত অনুষ্ঠিত হোৱা এই বঁটা বিতৰণী অনুষ্ঠানত উত্তৰ-পূব ভাৰতৰ বহু কেইজন শিক্ষাবিদ, উদ্যোগিক ব্যক্তি, চলচ্চিত্ৰ পৰিচালকক বঁটা প্ৰদান কৰা হয়।

Related Articles