ইংৰাজী শিক্ষাৰে শিক্ষিত হৈ ষ্টেণ্ড কৰিলেও আমাৰ অসমীয়া ছাত্ৰ ছাত্ৰীয়ে মাটিৰ শিপাৰ লগত সম্বন্ধ নাথাকিলে জীৱন হেৰুৱাই পেলাই। তেওলোক জাতিৰ সম্পদ হৈ উঠিব নোৱাৰে।মাটিৰ শিপাৰ লগত সম্বন্ধ থকা ছাত্ৰই হে ভাষা, জাতি আৰু জীৱনৰ পূৰ্ণতাপ্ৰাপ্তিত উপনীত হয় বুলি আজি শংকৰদেৱ শিশুনিকেতন ফিলবাৰীৰ ২০২২বৰ্ষত বিদ্যাৰম্ভ অনুষ্ঠানত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰি সু-সাহিত্যিক, বিশিষ্ট কবি, অসমীয়া ভাষাৰ অন্যতম গৱেষক, মাকুমৰ দ্বিতীয় অসম আৰক্ষীৰ বাহিনীৰ অধিনায়ক ড’ নন্দ সিং বৰকলাই এনেদৰে কয়। ড’ বৰকলাই অতি গভীৰ ভাবে অসমীয়া ভাষাৰ মাধ্যমেৰে শংকৰদেৱ শিশুনিকেতনে দেখুওৱা আদৰ্শই মানৱ সম্পদ গঢ়াত অভূতপূৰ্ব বৰঙনি আগবঢ়াব বুলি আশা প্ৰকাশ কৰিছে । নিজৰ ভাষাতো হেৰাই গ’লে আইৰ মুখৰ মাতষাৰ নাথাকিলে আমাৰো অস্তিত্ব বিপন্ন হৈ যাব। সুৱদি সুৰীয়া আমাৰ ভাষাক লৈ স্বাভিমান আছে আৰু এই স্বাভিমানেই জাতিটোৰ ৰক্ষা কৱচ ৰূপে পৰিগণিত হব বুলি ড’ নন্দ সিং বৰকলাই অভিমত প্ৰকাশ কৰে।
শিক্ষাবিদ দ্ৰোণ চাৰিঙীয়া ফুকনে শংকৰদেৱ শিশুনিকেতন ফিলবাৰীৰ ২০২২ শিক্ষাবৰ্ষৰ বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰাৰ লগতে শিক্ষাবিদ গৰাকীক নিকেতনৰ তৰফৰ পৰা সম্বৰ্ধনা ঞ্জাপন কৰা হয় । সমাজকৰ্মী বলি শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাত মুখ্য অতিথি ড’ নন্দ সিং বৰকলাক শংকৰদেৱ শিশুনিকেতন ফিলবাৰীৰ তৰফৰ পৰা সম্পাদক মৃণালজ্যোতি শইকীয়াৰ লগতে নিকেতনৰ বিষয়-ববীয়াসকলে চেলেং, গছপুলি আৰু প্ৰশষ্টি পত্ৰৰে সম্বৰ্ধনা ঞ্জাপন কৰে।
শিক্ষাবিদ জ্যোতি প্ৰসাদ শইকীয়া, হেৰেম্ব দেউৰী, সমাজকৰ্মী তথা সূৰ্যোদয়ৰ সঞ্চালক অখিল চন্দ্ৰ বৰুৱা আদিৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি, আচাৰ্য-আচাৰ্যা আৰু অভিভাৱক সকলেও অংশ গ্ৰহণ কৰা সভাখনিত নৃত্য, গীত আদিয়ে মুখৰিত কৰি তোলে।

