আজি পুৱা ৫.৩৬ বজাত দিল্লী এনচিআৰত হোৱা ভূমিকম্পৰ প্ৰবল কম্পনে মানুহক আতংকিত কৰি তুলে। তীব্ৰ শব্দৰ লগত সংগতি ৰাখি হোৱা ভূমিকম্পৰ ফলত অট্টালিকাবোৰ কঁপি উঠিছিল। যাৰ বাবে জনসাধাৰণৰ মাজত আতংক বিয়পি পৰিল। পুৱা ৫.৩৬ বজাত সংঘটিত হোৱা ভূমিকম্পৰ তীব্ৰতা আছিল ৪ ।(Earthquake)
দিল্লী এনচিআৰৰ পিছতে বিহাৰত ভূমিকম্পৰ কম্পন, তাৰপিছতে পিছতে ওড়িশাৰ পুৰী ৪.৭ প্ৰাবল্যৰ ভূমিকম্পৰ কম্পন।
দিল্লী এনচিআৰ আৰু বিহাৰৰ পিছত ওড়িশাৰ পুৰী জিলাত ৪.৭ প্ৰাবল্যৰ ভূমিকম্প। সমগ্ৰ ভাৰতবৰ্ষত, দিল্লী এনচিআৰ, বিহাৰ আৰু ওড়িশাত সৃষ্টি হোৱা ৪.০ৰ প্ৰাবল্যৰ বৃহৎ ভূমিকম্পই স্থানীয় লোকসকলৰ মাজত আতংকৰ সৃষ্টি কৰে।
দিল্লী আৰু বিহাৰ ভূমিকম্পৰ পিছত ওড়িশাৰ পুৰী জিলাত পুৱা প্ৰায় ৮:১৫ বজাত ৪.৭ প্ৰাবল্যৰ বিশাল ভূমিকম্পৰ জোকাৰণি। ভূমিকম্পত কোনো ধৰণৰ ক্ষতি, আহত বা মৃত্যুৰ খবৰ পোৱা নাই।
ভূমিকম্প হ’লে কি কৰিব?
বিজ্ঞানীসকলৰ মতে ভূমিকম্প হ’লে লগে লগে ওখ অট্টালিকা, খুঁটা আৰু গছৰ তলৰ পৰা আঁতৰিব লাগে। যদি আপুনি কোনো অট্টালিকাত আছে তেন্তে আতংকিত নহ’ব আৰু তাৰ পৰা আঁতৰি যাব। পৰাপক্ষত লগে লগে ঘৰৰ পৰা ওলাই মুকলি ঠাইলৈ আহিব। বাহিৰলৈ ওলাই যাবলৈ লিফ্ট ব্যৱহাৰ নকৰিব। যদি আপুনি ওখ অট্টালিকাত থাকে আৰু লগে লগে তললৈ অহাৰ সম্ভৱ নহয়, তেন্তে শক্তিশালী টেবুল বা ঘৰৰ কোনো চুকত থিয় হ’ব। মূৰটো সুৰক্ষিত ৰাখিবলৈ চেষ্টা কৰিব। পাকঘৰত জুই জ্বলাব নালাগে। কাঁচ, খিৰিকী, বেৰৰ পৰা আঁতৰি থাকিব।