Breaking

ৰাতিপুৱাই তিনি দেশত ভূমিকম্পঃ পাকিস্তান, চীন আৰু পাপুয়া নিউগিনিত…

0 36

ভূমিকম্পঃ ৰাষ্ট্ৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি মঙলবাৰে পুৱাৰ ভাগত পাকিস্তান, চীন আৰু পাপুয়া নিউগিনিত প্ৰবল ভূমিকম্প সৃষ্টি হয়। পাপুয়া নিউগিনি, চীন আৰু পাকিস্তানকে ধৰি বিভিন্ন অঞ্চলত কপনি অনুভৱ কৰা হয়। আমেৰিকাৰ ভূতাত্ত্বিক জৰীপে মঙলবাৰে এই তথ্য প্ৰদান কৰে। পাপুয়া নিউগিনিৰ উত্তৰ উপকূলত ৬.৫ প্ৰাবল্যৰ ভূমিকম্প অনুভৱ কৰা হয়। উপকূলৰ পৰা প্ৰায় ২০ কিলোমিটাৰ (১২ মাইল) দূৰত্বত অৱস্থিত প্ৰশান্ত মহাসাগৰীয় দ্বীপৰ ইষ্ট চেপিক প্ৰদেশৰ ৰাজধানী ৱেৱাক চহৰৰ পৰা কিছু দূৰৈত এই ভূমিকম্প অনুভৱ কৰা হয়।

ইয়াৰ বাহিৰেও ভাৰতৰ চুবুৰীয়া দুখন দেশ পাকিস্তান আৰু চীনকো এই ভূমিকম্পই কঁপাই তুলিছিল। আনহাতে চীনৰ জিজাঙত ৫.০ প্ৰাবল্যৰ ভূমিকম্পৰ কম্পন অনুভৱ কৰা হৈছে যদিও পাকিস্তানৰ মানুহে ৪.৩ প্ৰাবল্যৰ ভূমিকম্পৰ কম্পন অনুভৱ কৰিছিল। বৰ্তমান তিনিওটা স্থানৰ পৰা কোনো ধৰণৰ প্ৰাণ বা সম্পত্তি হেৰুৱাৰ খবৰ নাই।

আনহাতে পাকিস্তানতো প্ৰবল ভূমিকম্পৰ সৃষ্টি হয়। শেহতীয়াকৈ নেপালকে ধৰি ভাৰতৰ চুবুৰীয়া দেশসমূহত প্ৰবল ভূমিকম্পৰ কম্পন অনুভৱ কৰা হয়।

Leave A Reply