Breaking

৬.৮ ৰিখটাৰ প্ৰাবল্যৰ ভূমিকম্পই নিমিষতে মৃত্যু উপত্যকাত পৰিণত কৰিলে মৰক্কোক, ১০৩৭ জনৰ মৃত্যু, আহত সাত শতাধিক…

0 31

৬.৮ ৰিখটাৰ প্ৰাবল্যৰ ভূমিকম্পই নিমিষয়তে মৃত্যু উপত্যকাত পৰিণত কৰিলে মৰক্কোক, ১০৩৭ জনৰ মৃত্যু, আহত সাত শতাধিক। ইউনেস্কোই ঘোষণা কৰা বিশ্ব ঐতিহ্য মৰক্কোক এক শক্তিশালী ভূমিকম্পই মৃত্যু উপত্যকাত পৰিণত কৰিলে। । শুকুৰবাৰে নিশা মৰক্কোত এঅনুভূত হোৱা ভূমিকম্পৰ ফলত তাছপাতৰ ঘৰৰ দৰে খহি পৰে বহু ঘৰ। মাৰ্কিন ভূকম্প জৰীপ বিভাগৰ মতে ভূমিকম্পৰ প্ৰাবল্য আছিল ৬.৮ ৰিখটাৰ স্কেল। এতিয়ালৈকে ভূমিকম্পত কমেও ১০৩৭ গৰাকী লোকৰ মৃত্যু হৈছে।নিহতৰ সংখ্যা আৰু বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূতাত্ত্বিক জৰীপৰ অনুসৰি এই ভূমিকম্প দক্ষিণ-পশ্চিম মাৰাকেশৰ ১৮.৫ কিলোমিটাৰ গভীৰতাৰ পৰা নিশা ১১:১১ বজাত সৃষ্টি হয়। যাৰ কম্পন উপকূলীয় চহৰ ৰাবাট, কাছাব্লাংকা আৰু এচাওয়িৰাতো অনুভৱ হয়।

উল্লেখ্য এয়া দেশখনৰ বৰ্তমানলৈ সংঘটিত হোৱা আটাইতকৈ ডাঙৰ ভূমিকম্প। এই ভূমিকম্পত নিহত তথা আহতৰ সংখ্যাই বুকু কঁপাই তুলিছে জনসাধাৰণৰ। দেশখনত বৃহৎ ক্ষয়-ক্ষতিৰ খবৰ ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে। উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান চলাই আছে। এতিয়ালৈকে আহত লোকৰ সংখ্যা ৭০০ৰো অধিক হৈছে। এতিয়াও ধ্বংসস্তুপৰ মাজত বহু লোক আবদ্ধ হৈ থকা বুলি আশংকা কৰা হৈছে। ইপিনে মৰক্কোৰ ভূমিকম্পত নিহত সকলৰ আত্মাৰ সদগতি কামনা কৰিছে বিশ্বৰ বিভিন্ন দেশৰ নেতাই। আজি জি ২০ বৈঠকত আৰম্ভনিতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মৰক্কোৰ ভূমিকম্পত উদ্বেগ ব্যক্ত কৰে আৰু দেশ খনক সকলো ধৰণৰ সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেন, ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি সুনাকেও মৰক্কোক সহায়ৰ আশ্বাস দিছে।

Leave A Reply