Earthquake: মৰিগাঁও জিলাত ৫.১ প্ৰাবল্যৰ ভূমিকম্প অনুভূত


সোমবাৰে পুৱা অসমত(earthquake)পুনৰ এক ভূমিকম্প অনুভূত হয়। পুৱা প্ৰায় ৪ বাজি ১৭ মিনিটত মৰিগাঁও জিলা-ক কেন্দ্ৰ কৰি ৫.১ প্ৰাবল্যৰ ভূমিকম্প সংঘটিত হয়। হঠাৎ হোৱা কম্পনত বহু লোক নিদ্ৰাৰ পৰা সাৰ পাই উঠে। অৱশ্যে এই পৰ্যন্ত কোনো ধৰণৰ সম্পত্তিৰ ক্ষতিৰ বাতৰি পোৱা হোৱা নাই বুলি জানিবলৈ দিছে প্ৰশাসনে।


ন্যাশনেল চেণ্টাৰ ফৰ চিছমোলজি (এনচিএছ)-ৰ তথ্য অনুসৰি, ভূমিকম্পটোৰ উৎপত্তিস্থল আছিল ২৬.৩৭ ডিগ্ৰী উত্তৰ অক্ষাংশ আৰু ৯২.২৯ ডিগ্ৰী পূব দ্ৰাঘিমাংশত। ভূ-পৃষ্ঠৰ তলত প্ৰায় ৫০ কিলোমিটাৰ গভীৰতাত এই ভূমিকম্প সংঘটিত হোৱা বুলি উল্লেখ কৰা হৈছে।


এই ভূমিকম্পৰ কম্পন অসমৰ একাধিক অঞ্চলত স্পষ্টভাৱে অনুভূত হয়। লগতে কিছুমান জিলাতো ইয়াৰ প্ৰভাৱ পৰে বুলি স্থানীয় বাসিন্দাসকলে জানিবলৈ দিয়ে। উক্ত কম্পনত আতংকিত হৈ বহু লোকে ঘৰৰ পৰা বাহিৰলৈ ওলাই আহে।
ভূতাত্ত্বিক বিশেষজ্ঞসকলৰ মতে, অসম আৰু উত্তৰ-পূৰ্বাঞ্চল ভূমিকম্পৰ ক্ষেত্ৰত অতি সংবেদনশীল অঞ্চল। ভাৰতীয় প্লেটৰ সৈতে ইউৰেশীয় আৰু বাৰ্মিজ প্লেটৰ সংঘৰ্ষৰ ফলতেই এই অঞ্চলত সঘনাই ভূমিকম্প সংঘটিত হয়।

Related Articles