ভাৰতীয় সেনাৰ দ্বিতীয় সৰ্বোচ্চ পদবীত তথা কলকাতাস্থিত ইষ্টাৰ্ণ কমাণ্ডৰ জেনেৰেল অফিচাৰ কমাণ্ডিং – ইন – চিফ হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা লেফটেনেন্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাই সেনাৰ পোছাকৰ দায়িত্ব, ব্যস্ততাৰ মাজতো পাহৰা নাই অসমীয়া জাতিৰ হেপাহৰ বহাগ বা ৰঙালী বিহুটোক।
যাৰ বাবে ব্যস্ততাৰ মাজতো ১৪ এপ্ৰিল গৰু বিহুৰ দিনাখন নাৰেংগী সেনা ছাউনীৰ অফিচাৰ ইনষ্টিটিউটত উদযাপন কৰা বিহুৰ কাৰ্যসূচীত উপস্থিত থাকি বিহুৰ স্মৃতি ৰোমন্থন কৰে ইষ্টাৰ্ণ কমাণ্ডৰ মুৰব্বী ৰাণা প্ৰতাপ কলিতাই।
অনুষ্ঠানটোত কলিতাই উপস্থিত সকলোকে বহাগ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে বিহু উদযাপনৰ তাৎপৰ্য দাঙি ধৰে। অনুষ্ঠানত সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ মহিলা কল্যাণ সংস্থাৰ সভানেত্ৰী নিশা কলিতা, সেনাৰ অৱসৰপ্ৰাপ্ত মেজৰ জেনেৰেল ভাস্কৰ কলিতাকে ধৰি কেবাজনো অৱসৰপ্ৰাপ্ত আৰু কৰ্মৰত অসমীয়া সেনা বিষয়া আৰু তেওঁলোকৰ পৰিয়ালৰ লোক উপস্থিত থাকে।

আনহাতে অনুষ্ঠানত বিহু নৃত্য পৰিৱেশন কৰাৰ বাবে সকলোকে অসমীয়া পিঠা – পনাৰে চাহ আপ্যায়ন কৰা হয়। উল্লেখযোগ্য যে বিহু উদযাপন উপলক্ষে নাৰেংগী সেনা ছাউনী চৌহদত অসমীয়া সেনা বিষয়া আৰু জোৱানৰ লগতে তেওঁলোকৰ পৰিয়ালৰ লোকৰ মাজত বিশেষ উৎসাহ – উদ্দীপনা পৰিলক্ষিত হয়।

