Breaking

খৰখেদাকৈ খাদ্য খাই নেকি? নাখাব, বহু সমস্যাৰ সন্মুখীন হ’ব…

0 49

খৰখেদাকৈ খাদ্য খাই নেকি? নাখাব, বহু সমস্যাৰ সন্মুখীন হ’ব। খাদ্য সদায় লাহে ধীৰে খাব লাগে। বিখ্যাত পুষ্টি বিশেষজ্ঞ ‘নিখিল ভাটছে’ কয় যে যদি আপুনি সুস্থ হৈ থাকিব বিচাৰে তেন্তে আপুনি প্ৰায় ২৫ৰ পৰা ৩০ মিনিট সময় খাব লাগে। কিয়নো খৰকৈ খোৱাৰ আছে বহু সমস্যা। বেছি খৰকৈ খোৱাৰ অসুবিধা সমূহৰ বিষয়ে জানি লওক-

১/ যদি আপুনি খৰকৈ খাদ্য খাই তেন্তে ডিঙিত খাদ্য আবদ্ধ হৈ পৰাৰ সম্ভৱ। এনে পৰিস্থিতিৰ বিপদ সৃষ্টি হ’ব পাৰে।

২) যদি আপুনি খৰখেদাকৈ খাদ্য খায় তেন্তে আমাৰ পাচনতন্ত্ৰত অতিৰিক্ত চাপ পৰে। আনহাতে আমি যদি সম্পূৰ্ণ চোবাই খাওঁ তেন্তে পাচনতন্ত্ৰৰ কাম বহুত সহজ হৈ পৰে।

৩) খৰকৈ খাদ্য খোৱাৰ ফলত বদহজম, কোষ্ঠকাঠিন্য, গেছ, অৰ্শ জ্বলন, এচিডিটি আদি সমস্যাৰ সৃষ্টি হয়। যিয়ে দৈনন্দিন জীৱনৰ স্বাভাৱিক কাম-কাজত প্ৰভাৱ পেলায়। মনত ৰাখিব যে খাদ্য চোবাই খালে পেটৰ কাম সহজ হৈ পৰে।

৪) খৰখেদাকৈ খোৱা মানুহৰ ওজন দ্ৰুতগতিত বৃদ্ধি পায়।

৫) খৰখেদাকৈ খাদ্য গ্ৰহণ কৰিলে আপোনাৰ শৰীৰত ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়, কাৰণ এই অভ্যাসে ইনচুলিনৰ প্ৰভাৱ কমায় আৰু তেজত গ্লুক’জৰ মাত্ৰা বৃদ্ধি কৰে।

৬) এই বেয়া অভ্যাসৰ বাবে আপুনি মেটাবলিক চিণ্ড্ৰমৰ বলিও হ’ব পাৰে, যাৰ বাবে ৰক্তচাপ নিয়ন্ত্ৰণৰ বাহিৰলৈ যায়, যাৰ ফলত হাৰ্ট এটেক হয়।

গতিকে খাদ্য সদায় লাহে লাহে চোবাই খাবলৈ চেষ্টা কৰিব।

Leave A Reply