Breaking

ওজন কমাবলৈ কঁঠালৰ গুটি খাওক…

0 137

ওজন কমাবলৈ কঁঠালৰ গুটি খোৱাৰ আৰম্ভ কৰক। যদি আপুনিও ওজন কমাবলৈ দিনে-ৰাতিয়ে কষ্ট কৰি আছে, তেন্তে আপুনি খাদ্য তালিকাত কঁঠালৰ গুটি অন্তৰ্ভুক্ত কৰক। ইয়াৰ ফলত ওজন কমাবলৈ সহজ হ’ব পাৰে।কঁঠাল এবিধ অতি উত্তম আৰু পুষ্টিকৰ ফল যিটো গ্ৰীষ্মকালত পোৱা যায়। কঁঠালক নিৰামিষভোজী লোকৰ নন-ভেজ ফুড বুলিও কোৱা হয়। কঁঠালৰ গুটিয়ে আপোনাক কিমান উপকাৰ কৰিব পাৰে জানেনে…

ওজন নিয়ন্ত্ৰণত কঁঠালৰ গুটি উপকাৰীতা-
কঁঠালৰ গুটিত প্ৰচুৰ পৰিমাণে আঁহ পোৱা যায়, যি আপোনাৰ পাচনতন্ত্ৰৰ বাবে ভাল। আনহাতে, যদি আপুনি কঁঠালৰ গুটি সেৱন কৰে, তেন্তে ই আপোনাৰ পেটটো বহু দেৰি লৈকে ভৰাই ৰাখে আৰু আপোনাৰ ভোক অনুভৱ নহয়। ইয়াৰ বাবেই মেদবহুলতা কমিবলৈ আৰম্ভ কৰে। কঁঠালৰ গুটিত পোৱা একেটা ভিটামিন বি কমপ্লেক্সে বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰাত সহায় কৰে। ইয়াৰ ফলত কেলৰি কমি যায় আৰু সহজে ওজন কমিবলৈ আৰম্ভ কৰে।

কঁঠালৰ গুটিৰ অন্যান্য উপকাৰিতাৰ
১/ আপোনাৰ ছাল আৰু চুলিৰ বাবেও কঁঠালৰ গুটি অতি উপকাৰী বুলি কোৱা হয়। একে সময়তে চকুৰ দৃষ্টিশক্তি বৃদ্ধিতো সহায়ক বুলি প্ৰমাণিত। আচলতে ইয়াত ভিটামিন এ পোৱা যায় যি চকু আৰু ছালৰ বাবে উপকাৰী।

২) কঁঠালৰ গুটিত প্ৰচুৰ পৰিমাণে আইৰণ থাকে যিয়ে আমাৰ শৰীৰত হিম’গ্লবিন উৎপাদনত সহায় কৰে। ইয়াৰ উপৰিও ই ৰক্তকণিকা গঠনত সহায় কৰে।ৰক্তহীনতাৰ সমস্যাত কঁঠালৰ গুটি উপকাৰী।

৩) কঁঠালৰ গুটিত ভাল পৰিমাণৰ আঁহ পোৱা যায়, যিয়ে হজম শক্তি উন্নত কৰাত সহায় কৰিব পাৰে। আপুনি ইয়াক খাদ্যত অন্তৰ্ভুক্ত কৰি কোষ্ঠকাঠিন্যৰ সমস্যা দূৰ কৰিব পাৰে।

কঁঠালৰ গুটি কেনেকৈ খাব লাগে
১) কঠালৰ গুটি পুৰি খাব পাৰে। গ্ৰীডলত ১৫ৰ পৰা ২০ মিনিট ৰোষ্ট কৰক, যেতিয়া ই পাতল বাদামী ৰঙৰ হৈ পৰে, তেতিয়া ইয়াৰ ওপৰত কিছু ক’লা নিমখ আৰু চাট মছলা ছটিয়াই খাব পাৰে।

২) ইচ্ছা কৰিলে কঠালৰ গুটি ৰ’দত শুকুৱাই তাৰ পৰা গুড়ি বনাব। চালাড বা ফলৰ ওপৰত ছটিয়াই খাব পাৰে,

Leave A Reply