খাদ্য খাই কোনে ভাল নাপায়, কিন্তু বহুতেই খাদ্য খোৱাৰ সময়ত এনে কিছুমান ভুল কৰে যিবোৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে।( Eating Mistakes)
১/ অতি সোনকালে খাদ্য খোৱা
খাদ্য কেতিয়াও খৰকৈ খাব নালাগে। আমি যেতিয়া সোনকালে খাদ্য খাওঁ তেতিয়া আমি ভালদৰে চোবাই খাব নোৱাৰো। ইয়াৰ ফলত পাচনতন্ত্ৰত অতিৰিক্ত চাপ পৰে, যাৰ ফলত বদহজম, গেছ আৰু এচিডিটি হ’ব পাৰে। খাদ্য সদায় লাহে লাহে খাব লাগে আৰু ভালদৰে চোবাই খাব লাগে। ইয়াৰ ফলত হজম হোৱাত সহায় হয় আৰু শৰীৰে সকলো পুষ্টি লাভ কৰে।
২) খোৱাৰ সময়ত টিভি বা মোবাইল চোৱা
আজিকালি সাধাৰণ অভ্যাসত পৰিণত হৈছে খোৱাৰ সময়ত টিভি, মোবাইল বা লেপটপ চোৱাটো। এনে কাৰ্যই আমাৰ মনটোক খাদ্যৰ ওপৰত গুৰুত্ব দিব নোৱাৰে। ইয়াৰ বাবে আমি আমাৰ ভোকতকৈ বেছি খাওঁ, যাৰ ফলত ওজন বৃদ্ধি পায়। ইয়াৰ বাহিৰেও আমাৰ মগজুৱে খাদ্যৰ সোৱাদ আৰু তাৰ তৃপ্তি অনুভৱ কৰিবলৈ অক্ষম। সদায় খাদ্য খোৱাৰ ওপৰত গুৰুত্ব দিয়ক।
৩) খোৱাৰ পিছত লগে লগে পানী খোৱা
খাদ্য খোৱাৰ লগে লগে পানী খোৱাৰ অভ্যাসটো অতি ক্ষতিকাৰক। আয়ুৰ্বেদৰ মতে খাদ্য খোৱাৰ লগে লগে পানী খালে হজম শক্তি লেহেমীয়া হয়। ই পেটত থকা পাচন ৰস পাতল কৰে, যাৰ বাবে খাদ্য সঠিকভাৱে হজম নহয়। খাদ্য খোৱাৰ প্ৰায় আধা ঘণ্টা আগতে আৰু এঘণ্টাৰ পিছত সদায় পানী খাব লাগে।
৪) থিয় হৈ খোৱা
প্ৰায়ে পাৰ্টিত থিয় হৈ মানুহে খাদ্য গ্ৰহণ কৰে। থিয় হৈ খালে খাদ্য পোনে পোনে পেটলৈ যায়, যাৰ ফলত হজম শক্তিত বেয়া প্ৰভাৱ পৰে। ইয়াৰ উপৰিও এনেদৰে খোৱাৰ সময়ত আপুনি অধিক বায়ুও গিলি পেলায়, যাৰ ফলত পেটত গেছ সৃষ্টি হ’ব পাৰে। বহি থকা অৱস্থাত সদায় আৰামত খাব লাগে।
৫) গভীৰ নিশা খাদ্য খোৱা
বহু মানুহে প্ৰায়ে ৰাতি দেৰিকৈ খাই শুই যায়। গভীৰ নিশা খোৱা আৰু শুই থকাৰ মাজত বিশেষ ব্যৱধান নথকাৰ বাবে খাদ্য সঠিকভাৱে হজম নহয়। ইয়াৰ ফলত এচিডিটি, গেছ আৰু ওজন বৃদ্ধিৰ দৰে সমস্যাৰ সৃষ্টি হয়।

