সমগ্ৰ ৰাজ্যত কভিদে ভয়ংকৰ ৰূপ ধাৰন কৰাৰ মাজতে সত্ৰ আৰু দেৱালয়ত থকা চৰাই চিৰিকটি আৰু জীৱ কুল যথেষ্ট খাদ্য সংকতত পৰিছে ৷ আনহাতে পৰিচালনা সমিতি সমুহো যথেষ্ট চিন্তিত হৈছে ৷ এনে সময়তে দৰঙ জিলাৰ এটি দূৰদৰ্শী স্বেচ্ছাসেৱী অনুষ্ঠান “মানুহে মানুহৰ বাবে” নামৰ অনুষ্ঠানৰ সদস্য সকল উপস্থিত হয় পশ্চিম দৰঙৰ পদ্মথান দেৱালয় আৰু খটৰা সত্ৰত ৷ এই দেৱালয় আৰু সত্ৰৰ পুখুৰীত থকা মাছ কাছৰ বাবে বহুত খাদ্য যোগান ধৰিব নোৱাৰিলেও কিছু খাদ্য যোগান ধৰি জীৱনৰ সুখ লোৱা বুলি ৰক্তদাতা শেখৰ মজুমদাৰ মত ব্যক্ত কৰে ৷ মানুহে মানুহৰ বাবে অনুষ্ঠানৰ সম্পাদক গনেশ দত্ত বিশিষ্ট ৰক্তদাতা শেখৰ মজুমদাৰ জ্ঞানজ্যোতি বুক ষ্টলৰ স্বত্বাধিকাৰী প্ৰনৱ সাহা স্থানীয় সাংবাদিক লক্ষ্যধৰ শইকীয়া আৰু ৰাতুল ডেকাই জীৱ কুলৰ বাবে খাদ্য যোগান ধৰি অতিশয় আনন্দিত হোৱা বুলি মত প্ৰকাশ কৰে ৷