Breaking

চিৰাঙত শিক্ষা বিভাগৰ উপদেষ্টা অধ্যাপক ননী গোপাল মহন্ত…

0 1,030

অসম চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা অধ্যাপক ননী গোপাল মহন্তই শুকুৰবাৰে চিৰাং জিলাৰ বড়োবজাৰ আৰু চিদলী শিক্ষা খণ্ডৰ অন্তৰ্গত বল্লমগুৰি আৰু দোলোগাঁৱত নিৰ্মাণ হৈ থকা দুখন আদৰ্শ বিদ্যালয় পৰিদৰ্শন কৰে। ভ্ৰমণকালত তেওঁৰ লগতে চিদলী সমষ্টিৰ স্থানীয় বিধায়ক জয়ন্ত বসুমতাৰী, চিৰাঙৰ উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, বিটিচিৰ পাৰিষদ মাধৱ চন্দ্ৰ চেত্ৰী, বিজনীৰ মহকুমাধিপতি ৰাহুল গুপ্তা, বিদ্যালয়সমূহৰ পৰিদৰ্শক বিজয় বৈষ্ণৱ, লোক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তা অৱনী শৰ্মা আৰু স্থানীয় সাধাৰণ ৰাইজৰ সৈতে আলোচনা কৰি এই দুয়োখন বিদ্যালয়ৰ কামৰ অগ্ৰগতিৰ বুজ লয়।

তেওঁ লোক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তা আৰু বিদ্যালয়সমূহৰ পৰিদৰ্শকক আন্তঃগাঁথনিমূলক কামবোৰ সময়মতে সম্পূৰ্ণ কৰাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে যাতে এই বছৰৰ এপ্ৰিল মাহৰ ভিতৰতেই শ্ৰেণী আৰম্ভ কৰিব পাৰে।

Leave A Reply